প্ৰেমিকাৰ দেউতাকক দেখুৱাবলৈ বেংক ডকাইতিৰ অপচেষ্টা, জালত প্ৰেমিক

প্ৰেমৰ বাবেই কি কি যে নঘটে। প্ৰেমক সফল ৰূপ দিবলৈ চিনেমাৰ দৰেই ঘটনা ঘটিল বাস্তৱতো। উত্তৰ প্ৰদেশৰ কানপুৰ চহৰত সংঘটিত হৈছে এক আজব ঘটনা। এজন যুৱকে প্ৰেমিকাৰ সৈতে সংসাৰ আৰম্ভ কৰিবলৈ অগ্ৰসৰ হোৱাৰ সময়তে প্রেমিকাৰ পিতৃয়ে যুৱকজনক ধন উপাৰ্জনৰ পৰামৰ্শ দিয়ে, যি সচৰাচৰ প্রায়ে দেখা যায়। পিচে ২১ বছৰীয়া যুৱকজনে সহজতে ধন ঘটাৰ উপায় বিচাৰি কানপুৰত থকা ভাৰতীয় ষ্টেট বেংকত ডকাইতিৰ চেষ্টা চলায়। এনে দুঃসাহসৰ পৰিণতিত বিষয় হয় আৰু অৱশেষত যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে যুৱকজনে বেংকৰ ধন লুটি সেই ধনেৰে প্ৰেমিকাক এখন ইন’ভা কিনি দিয়াৰ বিষয়ে চিন্তা কৰিছিল। হাতত পিষ্টল আৰু ডেগাৰ লৈ যুৱকজনে বেংক লুটৰ চেষ্টা চলাইছিল। আমোদজনক এয়ে যে, চাইকেল চলাই বেংকত উপস্থিত হোৱা যুৱকজনে বেংক লুটৰ চেষ্টা চলাইছিল। প্ৰথমে চকীদাৰজনক আক্ৰমণ কৰা দেখি মেনেজাৰ আৰু কেচিয়াৰজন দৌৰি আহে। তিনিওজনে মিলি অভিযুক্তক কৰায়ত্ত কৰি প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। এই যুঁজ চলি থকাৰ মাজতে এগৰাকী মহিলা কৰ্মচাৰীয়ে আৰক্ষীক খবৰ দিয়ে।

আক্ৰমণকাৰীৰ পৰা কি পালে?
এটা পিষ্টল
এখন দা
দুখন অস্ত্ৰোপচাৰ ব্লেড

পুৱা প্ৰায় ১০.৩০ বজাৰ পৰা আৰম্ভ হোৱা এই যুঁজ প্ৰায় আধা ঘণ্টা ধৰি চলি থাকিল, তাৰ পিছত আৰক্ষীয়ে উপস্থিত হৈ অভিযুক্তক ধৰি আহতসকলক চিকিৎসালয়লৈ লৈ যায়। সমগ্ৰ বিষয়টো ঘটামপুৰ থানা এলেকাৰ পাটাৰা চহৰৰ এছ বি আই শাখাত সংঘটিত হৈছিল। লভিশ মিশ্ৰ নামৰ এই যুৱকজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...