হঠাৎ কিয় জ্বলি উঠিল শ্বিলং চহৰ? সীমা বিবাদ নে আন কিবা…

গুৱাহাটী, ১৫ আগষ্ট, NKTV: প্ৰাক্তন এইচএনএলচি উগ্ৰপন্থী চেৰিষ্টাৰফিল্ড থাংখিউক হত্যাৰ পিছত যোৱা কেইবাদিন ধৰি অস্থিৰতাৰ পিছত মেঘালয়ৰ চাৰিখন জিলাত ৪৮ ঘণ্টাৰ বাবে ইণ্টাৰনেট সেৱা নিষিদ্ধ কৰা হৈছে। মেঘালয়ৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা জনোৱা অনুসৰি শান্তি বিঘ্নিত কৰাৰ সম্ভাৱনা থকা আৰু ৰাজহুৱা সুৰক্ষাৰ প্ৰতি এই ব্যৱস্থা গ্ৰহণ কৰিছে মেঘালয় চৰকাৰে।

মেঘালয়ত প্ৰাক্তন এইচএনএলচি উগ্ৰপন্থীৰ ন্যায়িক বহিৰ্ভূত সংঘৰ্ষৰ পিছৰে পৰা উত্তপ্ত হৈ আছিল মেঘালয়। শনিবাৰে শ্বিলঙৰ মটফ্ৰানত হাইনিৱট্ৰেপ য়ুথছ কাউন্সিলে (এইচৱাইচি) ইয়াৰ বিৰুদ্ধে বেনাৰ লগোৱা পৰিলক্ষিত হৈছিল। এইচৱাইচিয়ে গৃহমন্ত্ৰী লাহকমেন ৰিম্বুইক অপসাৰণ আৰু মেঘালয় আৰক্ষীৰ বিৰুদ্ধে গোচৰ চলাবলৈ দাবী জনাইছিল কিয়নো সংগঠনটোৱে অনুভৱ কৰে যে, শুকুৰবাৰে আৰক্ষীয়ে হত্যা কৰা প্ৰাক্তন এইচএনএলচি সাধাৰণ সম্পাদকক ‘ভুৱা এনকাউণ্টাৰ’ত হত্যা কৰা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...