অচিনাক্ত আততায়ীৰ গুলীত নিহত ২ স্বেচ্ছাসেৱক, আন ৭গৰাকী গুলীবিদ্ধ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ গোষ্ঠীগত সংঘৰ্ষত প্ৰাণ গ’ল ২ গাঁওৰক্ষী স্বেচ্ছাসেৱকৰ, খেতিপথাৰলৈ যোৱাৰ সময়ত গুলীবিদ্ধ আন ২ নিৰীহ কৃষকৰ। বিষ্ণুপুৰ-চূড়াচান্দপুৰ জিলাৰ সীমান্তত সংঘটিত সংঘৰ্ষত গুলীবিদ্ধ ৭ গৰাকীকৈ লোক। ৩টা উগ্ৰপন্থী সংগঠনৰে জড়িত ৪জনক গ্ৰেপ্তাৰ মণিপুৰ আৰক্ষীৰ।

পুনৰ হিংসাত্মক ঘটনাই জোকাৰি গ’ল মণিপুৰ

অচিনাক্ত আততায়ীৰ গুলীত নিহত ২ স্বেচ্ছাসেৱক, আন ৭গৰাকী গুলীবিদ্ধ

বিষ্ণুপুৰ-চূড়াচান্দপুৰ জিলাৰ সীমান্তত এই ঘটনা

নাৰাছেইনাৰ দাঁতিকাষৰ খেতিপথাৰলৈ যোৱাৰ সময়ত কৃষকক আক্ৰমণ

এই গুলীচালানৰ ঘটনাত দুজন কৃষক নিহত

পুনৰ হিংসাত্মক ঘটনাই জোকাৰিছে মণিপুৰ। এইবাৰ সংঘৰ্ষৰস্থলী বিষ্ণুপুৰ–চূড়াচান্দপুৰ জিলাৰ সীমান্তৰ খৈৰেনটক এলেকাত। অচিনাক্ত আততায়ীৰ এটা দলে কৰা গুলীচালনাৰ ফলত গাঁওৰক্ষী বাহিনীৰ দুয়োজন স্বেচ্ছাসেৱকৰ কৰুণ মৃত্যু হয়। এই ঘটনাত আন কেইবাজনো গুলীবিদ্ধ হোৱা বুলি জানিব পৰা গৈছে। ইণ্ডিজিনিয়াছ ট্ৰাইবেল ফ’ৰামে অভিযোগ কৰা মতে শনিবাৰে পুৱাৰে পৰা সন্ধিয়ালৈকে খৈৰেনটকৰ কুকি জনগোষ্ঠীৰ গাঁওখনত দুৰ্বৃত্তৰ দলে গুলীচালনা কৰে। ইফালে এই ঘটনাত নিহত জংমিনলুন নামৰ ব্যক্তিজন প্ৰকৃততে হাতত হস্তনিৰ্মিত এটা মেচিনগান ফুটাৰ ফলত মৃত্যু হৈছে বুলি মণিপুৰ আৰক্ষীয়ে দাবী কৰিছে। পথাৰলৈ যোৱা অৱস্থাত ছালাম জটিন সিঙকো দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে।

৩টা উগ্ৰপন্থী সংগঠনৰে জড়িত ৪জনক গ্ৰেপ্তাৰ মণিপুৰ আৰক্ষীৰ

NSCN, PLAৰ ২জন সদস্যক গ্ৰেপ্তাৰ

গ্ৰেপ্তাৰ হৈছে কাংলেইপাক কমিউনিষ্ট পাৰ্টীৰ ২ সদস্য

ইফালে মণিপুৰ বিধানসভাৰ  অনুষ্ঠিত এদিনীয়া বিধানসভা অধিৱেশন ব্যাপক হূলস্থুলীয়া পৰিস্থিতিৰ মাজত মঙলবাৰে সামৰণি পৰে। বিধানসভাৰ দিনটোৰ কাৰ্যসূচীৰ বিষয় আছিল কুকি জনগোষ্ঠীৰ  ৭ গৰাকী বিজেপি বিধায়কসহ মুঠ ১০ গৰাকী বিধায়কৰ সদনৰ কাৰ্যসূচী বৰ্জন। মণিপুৰত এতিয়াও কেইবা সহস্ৰাধিক লোক মণিপুৰৰ হিংসাৰ সৈতে জড়িত থকাৰ অভিযোগত কাৰাবন্দী হৈ থকাৰ বিপৰীতে ভালেসংখ্যক লোক এতিয়াও আশ্ৰয় শিবিৰতে আশ্ৰয় লৈ আছে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...