অৱশেষত আস্থা ভোটত জয়ী হ’ল তামিলনাডুৰ থালাপতি বিজয়ৰ চৰকাৰ

যোৱা ১০ মে’ত ৰাজ্যখনত TVKই চৰকাৰ গঠন কৰাৰ পাছত ৰাজ্যপালে ১৩ মে’ৰ ভিতৰত দলটোক বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰতিপন্ন কৰাৰ বাবে নিৰ্দেশ দিছিল। কংগ্ৰেছ, বাওঁদল, VCK আৰু IUMLৰ সমৰ্থনত TVKই ১২০ গৰাকী বিধায়কৰ সমৰ্থন লৈ চৰকাৰ গঠন কৰিছিল। অৱশ্যে TVKৰ এগৰাকী বিধায়কৰ বিৰুদ্ধে তেওঁ প্ৰতিদ্বন্দ্বী পৰাজিত প্ৰাৰ্থীগৰাকী ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত উচ্চতম ন্যায়ালয়ে তেওঁক আস্থা ভোটৰ পৰা বিৰত থকাৰ নিৰ্দেশ দিয়ে। ইয়াৰ পাছতো আজি ১৪৪ গৰাকী বিধায়কৰ সমৰ্থন আদায় কৰাত সমৰ্থ হয় TVK চৰকাৰ। AIADMKৰ ২৫ গৰাকী বিধায়কে থালাপতি বিজয়ৰ চৰকাৰলৈ সমৰ্থন আগবঢ়ায়। AIADMKৰ মুৰব্বী পালানিস্বামীৰ কঠোৰ নিৰ্দেশৰ পাছতো TVKৰ প্ৰতি সমৰ্থন আগবঢ়াই দলটোৰ বিধায়ককেইগৰাকীয়ে। যাৰ বাবে AIADMKত এতিয়া উলম্ব বিভাজন হোৱাটো স্পষ্ট হৈ পৰিছে। অৱশ্যে দলটোৰ ২২ গৰাকী বিধায়কে বিধানসভাত TVK চৰকাৰৰ বিৰুদ্ধে ভোটদান কৰে। লক্ষ্যণীয়ভাবে কিন্তু আজি আস্থা ভোটত অংশগ্ৰহণৰ পৰা বিৰত থাকে DMKৰ বিধায়কসকল। ইপিনে তামিলনাডুৰ মুখ্যমন্ত্ৰী থালাপতি বিজয়ে তেওঁৰ OSD হিচাপে এগৰাকী জ্যোতিষীক নিযুক্তি দিছিল যদিও বিষয়টোক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হোৱাত বিজয়ে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে। আস্থা ভোটত জয়ী হোৱাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী বিজয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মৃত্যুক লৈ ব্যৱসায়! প্ৰাক্তন অভিযন্তাৰ কাণ্ডত তোলপাৰ বিশ্ব

মৃত্যুক লৈ ব্যৱসায়! কেতিয়াও নোহোৱা নোপোজা ঘটনা ঘটিল এইখন...

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান। ৮৯ বছৰ বয়সত মুম্বাইৰ...

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...