কেতিয়াও নেদেখা ৰূপত দেখা যাব অভিনেতা ভিকী কৌশলক

এইবাৰ ভিন্নৰূপত অভিনেতা ভিকী কৌশল। পৰশুৰামৰ চৰিত্ৰত অভিনয়ৰ বাবে সাজু ভিকী। কেটৰিণা কাঈফৰ স্বামীৰ চেহেৰাই দৃষ্টি আকৰ্ষণ কৰিছে নেটিজেনৰ। বলীউডৰ জনপ্ৰিয় অভিনেতাসকলৰ অন্যতম ভিকী কৌশল। বলীউডৰ কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰিছে ভিকীয়ে। আগন্তুক ছবি ‘ছাৱা’ আৰু ‘লাভ এণ্ড ৱাৰ’তো দেখা যাব ভিকীক।

ছবি দুখনৰ বাবে আগ্ৰহেৰে অপেক্ষাৰত চলচ্চিত্ৰ অনুৰাগী। এই দুয়োখন ছবিতে একো-একোটা মনোৰঞ্জনধৰ্মী চৰিত্ৰত অভিনয় কৰিছে ভিকী কৌশলে। সেই চৰিত্ৰৰ পিছতে এক সুকীয়াৰূপত দেখা যাব অভিনেতাজনক। ভিকীক দেখা যাব পৰশুৰামৰ চৰিত্ৰত।

অমৰ কৌশিকৰ পৰিচালিত ‘মহাৱতাৰ’ পৰশুৰামৰ চৰিত্ৰত অভিনয়ৰ বাবে সাজু ভিকী কৌশল।ইতিমধ্যে মুক্তি দিয়া হৈছে ছবিখনৰ প’ষ্টাৰ। প’ষ্টাৰত পৰশুৰামৰ ৰূপত দেখা গৈছে কেটৰিণা কাঈফৰ স্বামীক। ইপিনে আগন্তুক ছবি ছাৱাত ছত্ৰপতি শিৱাজীৰ চৰিত্ৰত দেখা যাব বিকি কৌশলক। আনহাতে সঞ্জয় লীলা ভাঞ্চালীৰ ‘লাভ এণ্ড ৱাৰ’ত আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ সৈতে এটা ৰোমাণ্টিক চৰিত্ৰত দেখা যাব ভিকীক। ২০২৫ৰ আৰম্ভণিতে প্ৰি-প্ৰডাকশ্যন ‘মহাৱতাৰ’ৰ৷ ছলমান খান-শ্বাহৰুখ খান, অজয় দেৱগন-অক্ষয় কুমাৰৰ পাছতে এনেদৰে এখনৰ পিছত আনখন ছবিৰে বলীউডত খলকনি তুলিবলৈ আগবাঢ়িছে অভিনেতা ভিকী কৌশল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...