মহানগৰীত ই-ৰিক্সা আৰু ই অটোৰিক্সা চালকক বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণ

কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত আৰু পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ বিশেষ পৰিকল্পনা আৰু তত্বাৱধানত মহানগৰীৰ ই-ৰিক্সা আৰু ই অটোৰিক্সা চালকক বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণ প্ৰদানৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷

তদুপলক্ষে আগন্তুক ১৮ নৱেম্বৰৰ পৰা ৩০নৱেম্বৰলৈ হোণ্ডা ছেফটি ড্ৰাইভিং ট্ৰেইনিং এডুকেছন চেন্টাৰৰ সহযোগত ই-ৰিক্সা আৰু ই অটো ৰিক্সা চালকসকলক চিমুলেটৰৰ মাধ্যমেৰে বিশেষভাৱে প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। তদুপৰি প্ৰশিক্ষণৰ অন্তত যানবাহন চালনাৰ বাবে অত্যাৱশ্যকীয় অনুজ্ঞাপত্ৰ এখন নিজে কেনেকৈ তাৎক্ষণিকভাৱে উলিয়াই ল’ব পাৰি সেই সন্দৰ্ভতো প্ৰশিক্ষাৰ্থী সকলক সম্যক জ্ঞান প্ৰদান কৰা হ’ব ৷ সদাব্যস্ত গুৱাহাটী মহানগৰীত বাহনৰ অনান্য নথি-পত্ৰৰ লগতে ই ৰিক্সা আৰু ই অটোৰিক্সাৰ চালকসকলে যাতে বাহন চালনাৰ প্ৰশিক্ষণসহ অনুজ্ঞাপত্ৰ লগত লৈ ৰাজপথত সুৰক্ষিত যাতায়াত বজাই ৰাখিব পাৰে সেই লক্ষ্য আগত ৰাখিয়ে এই বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰা বুলি উল্লেখ কৰে পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়াগৰাকীয়ে।

১৮নৱেম্বৰত আৰম্ভ হৈ ৩০ নৱেম্বৰলৈকে চলিবলগীয়া বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণত অংশগ্ৰহণৰ বাবে ইচ্ছুক ব্যক্তিসকলক প্ৰতিদিনে ৰাতিপুৱা ১০বজাৰ পৰা ১১বজাৰ ভিতৰত পৰিবহণ বিভাগৰ বেতকুচিস্থিত কাৰ্যালয় চৌহদত অৱস্থিত হোণ্ডা ছেফটি ড্ৰাইভিং এডুকেছন চেন্টাৰত উপস্থিত হ’বলৈ আহ্বান জনোৱা হৈছে। ইচ্ছুক ব্যক্তিসকলক বাহন চালনাৰ প্ৰশিক্ষণ সন্দৰ্ভত সবিশেষ অৱগত হৈ প্ৰশিক্ষণত যোগদান নিশ্চিত কৰিবলৈ পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ যানবাহন পৰিদৰ্শক পংকজ কুমাৰ দাস, শ্ৰীমতী পূৰ্ণিমা তাছাৰ লগতে উচ্চবৰ্গ সহায়ক উপেন্দ্ৰ ওজা (৯৭০৬০১৪৮৮৮)ৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...