যৌন নির্যাতনৰ ভুক্তভোগী শিশু সকলৰ সৈতে আৰক্ষী সঞ্চালক প্রধানৰ মত-বিনিময়

যৌন নির্যাতনৰ ভুক্তভোগী শিশু সকলৰ লগত জি. পি. সিং, আই পি এইচ, আৰক্ষী সঞ্চালক প্রধান, অসম এ বিভিন্ন বিষয়ৰ ওপৰত মত বিনিময় কৰে • আজি অসম আৰক্ষী মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত আৰক্ষী সঞ্চালকে এই শিশু সকল আৰক্ষী ব্যৱস্থাৰ সংস্পর্শত অহা সময়ত তেওঁলোকে অনুভৱ কৰা অভিজ্ঞতা, ন্যায় ব্যৱস্থাৰ বিভিন্ন প্ৰক্ৰিয়াৰ সময়ত সম্মুখীন হোরা প্রত্যাহ্বান সমূহৰ বিষয়ে আৰু লগতে শিশু সকলৰ শিক্ষা আৰু মানসিক স্বাস্থ্যৰ বিভিন্ন বিষয়ৰ ওপৰত আৰক্ষী সঞ্চালক প্রধান ডাঙৰীয়াই আলোচনা কৰে।

যৌন নির্যাতনৰ ভুক্তভোগী শিশুসকল অসুৰক্ষিত আৰু দুৰ্বল আৰু তেওঁলোকে ন্যায় প্রদান ব্যৱস্থা প্ৰণালীৰ জটিল প্রক্রিয়া সমূহৰ সম্মুখীন হব লগা হয়।

অসম আৰক্ষীয়ে উদযাপন কৰা সম্ভাহজোৰা (১৪ নৱেম্বৰ ২০২৪ ৰ পৰা ২০ নৱেম্বৰ ২০২৪) শিশু অধিকাৰ সপ্তাহৰ এই মত বিনিময় অনুষ্ঠানটি এটি অন্যতম কাৰ্য্যসূচী।

প্রত্যেক বছৰে আয়োজিত শিশু অধিকাৰ সপ্তাহত অসম আৰক্ষীৰ সঞ্চালক প্রধান ডাঙৰীয়াই শিশু সকলৰ সৈতে শিশু সকলে সম্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বান সমূহৰ বিষয়ে মত বিনিময় কৰে।

ইউনিচেফ আৰু উৎসাহ সংস্থাৰ সহযোগিতাত চলোৱা অসম আৰক্ষীৰ শিশু মিত্ৰ প্ৰকল্পৰ এই নিয়মীয়া মত বিনিময় অনুষ্ঠান এটি অন্যতম আৰু গুৰুত্বপূৰ্ণ প্রচেষ্টা যিয়ে শিশু সকলক অংশগ্রহণ কৰাৰ অধিকাৰ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত সুবিধা দিয়ে আৰু এখন মঞ্চ প্রদান কৰে।

গুৱাহাটী মহানগৰী স্বিত শিশু গৃহসমূহ আৰু মহানগৰীৰ আন আন ঠাইৰ পৰা যৌন অপৰাধৰ ভুক্তভোগী শিশু সকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

“নিয়মীয়াকৈ শিশুসকলৰ সৈতে এনেধৰনৰ মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা আৰু আলোচনা কৰা খুবেই প্রয়োজনীয় যাৰ দ্বাৰা শিশু সকলৰ বিভিন্ন বিষয়ত তেওঁলোকৰ মনোভাৱ আৰু বিভিন্ন বিষয় সম্পর্কে তেওলোকৰ দক্ষতা প্রকাশ পায় আৰু সেইমৰ্মে আৰক্ষী ব্যৱস্থা প্ৰণালীৰ বিভিন্ন দিশ শিশু বন্ধুত্বপূর্ণ কৰিব পৰা যায় ।” জি. পি. সিং, আই সি এইচ, আৰক্ষী সঞ্চালক প্রধান, অসম

“শিশুসকলৰ পৰা সময়ে সময়ে পাই অহা নিয়মিয়া পৰামৰ্শ সমূহে শিশু সকলক সাহসী আৰু সৱল কৰে আৰু তেওঁলোকৰ মতামত সমূহ আমাৰ লগত বিনিময় কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰে আৰু সেই মর্মে ব্যৱস্থা প্রণালী সমূহত প্রয়োজনীয় সিদ্ধান্ত আৰু পাৰ্থক্য অনাৰ বাবে যথেষ্ট অৰিহণা যোগায়।” হৰমীত সিং, আই সি এইচ, বিশেষ আৰক্ষী সঞ্চালক প্রধান, অসম আৰক্ষী তথা আহ্বায়ক, অসম আৰক্ষী শিশু মিত্ৰ প্ৰকল্প

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...