কেতিয়াও নেদেখা ৰূপত দেখা যাব অভিনেতা ভিকী কৌশলক

এইবাৰ ভিন্নৰূপত অভিনেতা ভিকী কৌশল। পৰশুৰামৰ চৰিত্ৰত অভিনয়ৰ বাবে সাজু ভিকী। কেটৰিণা কাঈফৰ স্বামীৰ চেহেৰাই দৃষ্টি আকৰ্ষণ কৰিছে নেটিজেনৰ। বলীউডৰ জনপ্ৰিয় অভিনেতাসকলৰ অন্যতম ভিকী কৌশল। বলীউডৰ কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰিছে ভিকীয়ে। আগন্তুক ছবি ‘ছাৱা’ আৰু ‘লাভ এণ্ড ৱাৰ’তো দেখা যাব ভিকীক।

ছবি দুখনৰ বাবে আগ্ৰহেৰে অপেক্ষাৰত চলচ্চিত্ৰ অনুৰাগী। এই দুয়োখন ছবিতে একো-একোটা মনোৰঞ্জনধৰ্মী চৰিত্ৰত অভিনয় কৰিছে ভিকী কৌশলে। সেই চৰিত্ৰৰ পিছতে এক সুকীয়াৰূপত দেখা যাব অভিনেতাজনক। ভিকীক দেখা যাব পৰশুৰামৰ চৰিত্ৰত।

অমৰ কৌশিকৰ পৰিচালিত ‘মহাৱতাৰ’ পৰশুৰামৰ চৰিত্ৰত অভিনয়ৰ বাবে সাজু ভিকী কৌশল।ইতিমধ্যে মুক্তি দিয়া হৈছে ছবিখনৰ প’ষ্টাৰ। প’ষ্টাৰত পৰশুৰামৰ ৰূপত দেখা গৈছে কেটৰিণা কাঈফৰ স্বামীক। ইপিনে আগন্তুক ছবি ছাৱাত ছত্ৰপতি শিৱাজীৰ চৰিত্ৰত দেখা যাব বিকি কৌশলক। আনহাতে সঞ্জয় লীলা ভাঞ্চালীৰ ‘লাভ এণ্ড ৱাৰ’ত আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ সৈতে এটা ৰোমাণ্টিক চৰিত্ৰত দেখা যাব ভিকীক। ২০২৫ৰ আৰম্ভণিতে প্ৰি-প্ৰডাকশ্যন ‘মহাৱতাৰ’ৰ৷ ছলমান খান-শ্বাহৰুখ খান, অজয় দেৱগন-অক্ষয় কুমাৰৰ পাছতে এনেদৰে এখনৰ পিছত আনখন ছবিৰে বলীউডত খলকনি তুলিবলৈ আগবাঢ়িছে অভিনেতা ভিকী কৌশল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...