বলীউডৰ প্ৰবীন অভিনেতা অনুপম শ্যামৰ মৃত্যু

গুৱাহাটী, ৯ আগষ্ট, NKTV: শেষ নিশ্বাস ত্যাগ কৰিলে বলীউডৰ বৰ্ষীয়ান অভিনেতা অনুপম শ্যামে। ৬৩ বছৰ বয়সত দেহৰ বিভিন্ন অংগৰ বিকল হৈ পৰাত মৃত্যুক আকোৱালি ল’লে অভিনেতাজনে। বিগত বৰ্ষৰ পৰাই অভিনেতা অনুপম শ্যামে বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈছিল। এসপ্তাহ পূৰ্বে স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ ফলত মুম্বাই স্থিত এখন ব্যক্তিগত চিকিৎসালয়ত অভিনেতাজনক ভৰ্তি কৰোৱা হৈছিল। দেওবাৰে মুম্বাইস্থিত চিটি হাস্পতালত অভিনেতাজনে মৃত্যুক আকোৱালি লয়।
টিভি অনুষ্ঠান “মন কী আৱাজ প্ৰতিজ্ঞা”ত কৰা বলিষ্ঠ অভিনয়েৰে তেওঁ সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও দিল ছে, শ্লামড’গ মিলিয়নাৰ আৰু লগন আদিৰ দৰে চুপাৰহিট ছবিতো অভিনেতাজনক দেখিবলৈ পোৱা গৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অমৃতপ্ৰভা, সন্দীপনৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব অসম চৰকাৰ; SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ঘোষণা

অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ...