কেঁচা মাটিৰ গোন্ধ এটা লৈ মানুহজন গ’লগৈ

সেয়া কিছুদিনৰ আগৰ কথা……
মানুহজনে কৈছিল জীৱনবোধৰ কথা
কৈছিল জীৱনৰ প্ৰতি আক্ষেপহীনতাৰ কথা…
কৈ গৈছিল যেন নিজৰেই নোকোৱা কথাবোৰ

এটা মাত, অন্য চিন্তন, অনন্য দৰ্শন
১৯৩৩ৰ ১৮ আগষ্টত এই পৃথিৱীত উদিত হৈছিল কুলৰ সূৰ্য
কুলদা কুমাৰ ভট্টাচাৰ্য
কি নাছিল তেখেতৰ মাতত?
কি নাছিল তেখেতৰ গদ্যত?
নাছিল কি মঞ্চ, কেমেৰা কিম্বা অনাতাঁৰৰ অভিনয়ত?
জীৱন নামৰ মঞ্চখনৰ আঁৰকাপোৰ আধা মেলা হৈয়ে ৰ’ল
সৃজনৰসিকৰ প্ৰাণৰ কুলদা অহা বাটে উভতি গ’ল
সময় তেতিয়া প্ৰায় ৮ বাজি ২০ মিনিট, শুকুৰবাৰ
মহানগৰীৰ দিছপুৰ হাস্পতালৰ পৰাই আহিল মৰ্মান্তিক খবৰটো
কুলদা কুমাৰ ভট্টাচাৰ্য আৰু নাই…
২৪ অক্টোবৰৰ পৰা চিকিৎসাধীন হৈ আছিল মানুহজন
অসম আৰু অসমীয়াক পাৰ্যমানে বহুখিনি দি গ’ল মানুহজনে
এতিয়া তেখেতক সাদৰেৰে বিদায় দিয়াৰ সময়।
দিছপুৰ হাস্পতালৰ পৰা নশ্বৰদেহ চমজি ল’বলৈ উপস্থিত হ’ল আত্মীয় স্বজন

দিছপুৰ হাস্পতালৰ পৰা পোনে পোনে নিয়া হ’ল স্বগৃহলৈ
তাৰ পাছতে শনিবাৰে পুৱাৰ ভাগতে নশ্বৰ দেহ লৈ যোৱা হ’ল তেওঁৰ প্ৰিয়তম স্থানলৈ
এজন দুজনকৈ সমবেত হ’ল সমলয়-সূৰ্যত
সকলোৰে সেমেকা দুচকু
জীপাল মানুহজন গ’লগৈ

মাতেৰে, কথাৰে, কলমেৰে মানুহজনে আমাক কিমান সমৃদ্ধ কৰিলে সেয়া জানো ন কৈ কোৱাৰ প্ৰয়োজন আছে?
অসমীয়াৰ বাহিৰেও তেখেতৰ আছিল ইংৰাজী, হিন্দী আৰু অসমীয়াত দখল
লণ্ডনত শিক্ষাগ্ৰহণ কৰাৰ সুত্ৰে বিট্ৰিছ ইংলিছো আছিল সলসলীয়া
আকাশবাণীৰ এটি চিনাকি কণ্ঠ তেওঁ
মঞ্চ নাটকৰো আছিল দুৰ্দান্ত অভিনেতা
আজি কুলদা ভট্টাচাৰ্যৰ শেষ বিদায়ত ম্ৰিয়মান প্ৰতিটো স্তৰৰ প্ৰতিজন
আত্মীয় স্বজনে হেৰুৱাৰ দৰেই অসমেও যেন হেৰুৱালে আপোন এজন

নাট্য জগতেও প্ৰকাশ কৰিলে শোক

মহীয়ান অভিনেতাৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা নিবেদন কৰি বিশিষ্ট গল্পকাৰ তথা এন কে টিভিৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে ক’লে,

ইতিমধ্যে জন হিতৈষী শিল্পপ্ৰাণে নিজৰ দেহ দান কৰিছিল চিকিৎসা বিজ্ঞানৰ কল্যাণৰ বাবে। সেয়ে উজান বজাৰৰ পৰা কুলদা কুমাৰ ভট্টাচাৰ্যৰ নশ্বৰ দেহ লৈ যোৱা হ’ল GMCHলৈ। ইলোৰা বিজ্ঞান মঞ্চই চমজি ল’লে নশ্বৰ দেহ।

অহাৰ বাটেৰেই বাট বুলিলে মানুহজনে। জাতিটোক সমৃদ্ধ কৰিলে স্বকৰ্মৰে।
মহীয়ান ব্যক্তিত্বক এইদৰেই জনোৱা হ’ল শেষ বিদায়। কায়িকভাৱে মানুহজন নোহোৱা হ’লেও বিভিন্ন মাধ্যমত বাণীবদ্ধ হৈ ৰ’ল মেদহীন মাত।


বিভিন্ন মাধ্যমত ৰৈ গ’ল অভিনয়ৰ অৱস্থিতি। বহু গ্ৰন্থত ৰৈ গ’ল সাহিত্য কীৰ্তি।
আমিও জনালোঁ শেষ বিদায়। আপুনি কুশলে থাকক পৰকালতো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰত-পাকিস্তান সংঘাতত হস্তক্ষেপ নকৰে আমেৰিকাই

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্সে বৃহস্পতিবাৰে স্পষ্ট কৰিছে যে,...

যোগ অলিম্পিয়াড, ৩২গৰাকী প্ৰতিযোগীৰ মাজত মহাৰণ

ডায়েট ধেমাজিত বৃহস্পতিবাৰে জিলা পৰ্যায়ৰ যোগ অলিম্পিয়াড অনুষ্ঠিত হয়।...

‘অপাৰেচন সিন্দূৰ’ৰ আঁৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এজন বিশ্বস্ত বিষয়া…

অপাৰেচন সিন্দূৰৰ সফলতাৰ আঁৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আটাইতকৈ...

১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে ‘অপাৰেচন সিন্দূৰ’ত

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৃহস্পতিবাৰে সৰ্বদলীয় বৈঠকত জনায় যে,...