বীৰ লাচিত সেনাই জব্দ কৰিলে চালানী গামোচা, অসাধু ব্যৱসায়ীক কঠোৰ সকীয়নি

অসম আৰু অসমীয়াৰ স্বাভিমান অসমীয়া গামোচাৰ নামত একাংশ অসাধু ব্যৱসায়ীয়ে চলাইছে ৰমৰমীয়া বেহা। তিনিচুকীয়া জিলাৰ ডুমডুমা অঞ্চলৰ লগতে সমগ্ৰ জিলাখনতে দীৰ্ঘদিনৰ পৰা চালানী গামোচাৰ এক ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগৰ ভিত্তিত বীৰ লাচিত সেনাৰ ডুমডুমা আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে ডুমডুমা নগৰত এক অভিযান চলায়। অভিযানৰ সময়ত ডুমডুমা নগৰৰ মাজমজিয়াত থকা সঞ্জয় গুপ্তা নামৰ এগৰাকী ব্যৱসায়ীৰ দোকানৰ পৰা চালানী গামোচা জব্দ কৰিবলৈ সক্ষম হৈছে। জব্দকৃত চালানী গামোচা বীৰ লাচিত সেনাই ডুমডুমা আৰক্ষী-প্ৰশাসনক চমজাই দিয়ে। উল্লেখযোগ্য যে, এইসকল অসাধু ব্যৱসায়ীৰ বাবেই অসমৰ থলুৱা শিপিনীৰ লগতে বয়ন শিল্প সংকটৰ গৰাহত পৰা বুলি অভিযোগ কৰি এই অসাধু ব্যৱসায়ী সকলৰ বিৰুদ্ধে অতি শীঘ্ৰে জিলা প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বীৰ লাচিত সেনাই দাবী জনাইছে। অন্যহাতে, তিনিচুকীয়া জিলাখনৰ বিভিন্ন স্থানত একাংশ অসাধু ব্যৱসায়ীয়ে অসমীয়া গামোচাৰ নামত চালানী গামোছাৰ ৰমৰমীয়া বেহা চলাই অসমীয়া লোকসকলৰ ওপৰত লুণ্ঠন চলোৱা কাৰ্য শীঘ্ৰে বন্ধ কৰাৰ দাবী। অন্যথা বীৰ লাচিত সেনাই সেইসকল অসাধু ব্যৱসায়ীৰ ওপৰত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সকীয়নি প্ৰদান কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কথমপি প্ৰাণৰক্ষা হাজাৰ হাজাৰ ৰে’ল যাত্ৰীৰ, তিতাবৰত অঘটন

তিতাবৰৰ মেলামাটিত ভয়ংকৰ ঘটনা। ৰে'ল লাইনৰ ওপৰত চিঙি পৰিল...

ভয়ংকৰ দুৰ্ঘটনাত থানবান এখন সুখৰ সংসাৰ

লখিমপুৰৰ ভয়ংকৰ দুৰ্ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ নগাঁৱত শিহৰণকাৰী...

কোন হ’ব মন্ত্ৰী ? ১২ জনীয়া মন্ত্ৰীসভাত সোমাব আৰু কাৰ কাৰ নাম ?

✒️ মুন গোস্বামী জুন মাহৰ প্ৰথম সপ্তাহতে হিমন্ত 2.0 মন্ত্ৰীসভাৰ...

জম্মু-কাশ্মীৰ সীমান্তত থকা বিদ্যালয়লৈ ১ কোটি টকাৰ অনুদান আগবঢ়ালে অক্ষয় কুমাৰে

বলিউড অভিনেতা অক্ষয় কুমাৰে জম্মু আৰু কাশ্মীৰৰ গুৰেজ উপত্যকাৰ...