বস্তুৰ দাম বাঢ়িলে ভাল নাপায় ৰাজেন গোহাঁইয়ে!

প্ৰাক্তন সাংসদ তথা অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধ্যক্ষ ৰাজেন গোহাঁইয়ে সমগ্ৰ দেশতে দেখা দিয়া মূল্যবৃদ্ধি প্ৰসংগত কেতবোৰ মন্তব্য প্ৰকাশ কৰে। গোহাঁইয়ে কয় যে- মূল্যবৃদ্ধি ভালবস্তু নহয়, কোনেও ভাল নাপায়। মূল্যবৃদ্ধি এটা গতানুগতিক আৰু স্বাভাৱিক প্ৰক্ৰিয়া। অৰ্থনৈতিক কিছু বিষয়ৰ ওপৰত ভিত্তি কৰি কেতিয়াবা মূল্যবৃদ্ধি হয় আৰু কেতিয়াবা কমে। মানুহৰ চাহিদা অনুসৰি যেতিয়া যিকোনো বস্তুৰ যোগান কমি যায় তেতিয়াই মূল্যবৃদ্ধিয়ে গা কৰি উঠে। দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে এই ক্ষেত্ৰত ভাল পদক্ষেপ ল’ব বুলি আশা কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। আনহাতে, কৃষি বিভাগ আৰু চৰকাৰৰ কেতবোৰ ভূল-ত্ৰুটীৰ বাবেই কৃষক সকল কেতিয়াবা সমস্যাৰ সন্মুখীন হ’ব লগা হয় বুলি প্ৰসংগক্ৰমে উল্লেখ কৰে। মঙলবাৰে জাগীৰোডৰ জাগীভকত গাঁৱত এখন কৃষক সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জামুগুৰিহাটত চিলনী চোৰৰ সন্ত্ৰাস! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই উধাও দুই যুৱক

জামুগুৰিহাটত পুনৰ চিলনী চোৰৰ ঘটনা সংঘটিত হৈছে। অঞ্চলটোৰ কৰতিপাৰ...

দেশত ডিজিটেল এৰেষ্টৰ নামত ৮ মাহত ৬৪৭ কোটি টকাৰ প্ৰৱঞ্চনা, ২১,৯০০টা ঘটনা

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ডিজিটেল এৰেষ্টৰ নামত চাইবাৰ প্ৰৱঞ্চনাৰ...

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ...