আফ্ৰিকান ছোৱাইন ফিভাৰত মৃত্যু ১৪১টা গাহৰিৰ, বিক্ৰী কৰিব নোৱাৰিব গাহৰিৰ মাংস!

আফ্ৰিকান চিৱাইন ফিভাৰৰ বিভীষিকা অব্যাহত আছে ৰাজ্যত। বিশ্বনাথত আজি পুনৰ ৭টা গাহৰিৰ মৃত্যু। বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিচাৰ বস্তি অঞ্চলৰ শ্ৰীমনি ফুলকন এগ্ৰ’টেক গোট নামৰ ব্যক্তিগত ফাৰ্মখনত থকা গাহৰিৰ দেহত ধৰা পৰিছিল আফ্ৰিকান ছোৱাইন ফিভাৰৰ বীজাণু। বৰ্তমান সংক্ৰমণ ৰোধৰ বাবে পশু চিকিৎসা বিভাগে ফাৰ্মখনৰ লগতে ১ কিলোমিটাৰ ব্যাসাৰ্ধৰ অঞ্চলত চেনিটাইজ কৰিছে। উল্লেখযোগ্য যে, প্ৰতাপগড়ৰ শ্ৰীমনি ফুলকন এগ্ৰটেক গোটে নামৰ ফাৰ্মৰ গাহৰিৰ দেহত আফ্ৰিকান চোৱাইন ফিভাৰৰ লক্ষণ দেখা পোৱাৰ লগতে ১৪১টাকৈ গাহৰিৰ মৃত্যু ঘটাৰ পিছত পুনৰ আজি পুনৰ ৭টা গাহৰিৰ মৃত্যু ঘটে। ইতিমধ্যে গুৱাহাটীত বিভাগীয় পৰীক্ষাগাৰত চোৱাইন ফিভাৰৰ তথ্য নিশ্চিত কৰিছে। প্ৰতাপগড়ৰ ব্যক্তিগতভাৱে বস্তি অঞ্চলত পালন কৰা কেতবোৰ গাহৰিোৰ ইতিমধ্যে মৃত্যু ঘটিছে। অৱশ্যে এইসমূহ গাহৰিৰ মৰণোত্তৰ পৰীক্ষা সম্পাদন কৰা হোৱা নাছিল। জন স্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই অনাৰ শংকা কৰি জিলা প্ৰশাসনে সংক্ৰমিত অঞ্চলটোত গাহৰিৰ মাংস বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰিছে। প্ৰতাপগড়ৰ পৰা প্ৰায় ১০ কিলোমিটাৰ ব্যাসাৰ্ধলৈকে জিলা প্ৰশাসনে নিৰীক্ষণ জন হিচাপে ঘোষণা কৰিছে। একাংশ নিৱনুৱাই স্বাৱলম্বী হ’বলৈ গাহৰি পালন কৰাৰ সময়তে আফ্ৰিকান চোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱে ৰামটাঙোন শোধাব বুলি শংকা প্ৰকাশ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...