বাজপেয়ী আছিল শান্তিৰ দূত: মুখ্যমন্ত্ৰী

ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰিলে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্রীয়ে অংশগ্রহণ কৰিলে সুশাসন দিৱসত

প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীয়ে প্ৰগতিৰ নতুন বাট মুকলি কৰিছিল: ড° শর্মা

দিছপুৰ, ২৫ ডিচেম্বৰ: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি মহানগৰীৰ আদাবাৰীস্থিত অটল উদ্যানত আধুনিক ভাৰতৰ ৰূপকাৰ, অসমহিতৈষী, ভাৰতৰত্ন, প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূর্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰে। মুখ্যমন্ত্ৰীয়ে লগতে অটল উদ্যান চৌহদত ভাৰতৰত্নগৰাকীৰ কৰ্মময় সমৃদ্ধ জীৱন আৰু কীর্তি বিষয়ক এখন প্রদর্শনীও উদ্বোধন কৰে।

প্রাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ শত সংখ্যক জন্মবার্ষিকী উপলক্ষে ভাৰতীয় জনতা পার্টি, অসম প্রদেশে অটল উদ্যানত আয়োজন কৰা সুশাসন দিৱসত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এগৰাকী ৰাজনৈতিক কর্মী, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ এগৰাকী প্ৰচাৰক, জনসংঘৰ কাৰ্যকৰ্তা আৰু সভাপতি, ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী কাৰ্যকৰ্তা তথা ৰাষ্ট্ৰীয় সভাপতি আৰু দেশৰ প্ৰধানমন্ত্ৰী হিচাপে অটল বিহাৰী বাজপেয়ীয়ে তিনিবাৰকৈ দায়িত্ব পালন কৰি ভাৰতবৰ্ষক সমৃদ্ধ কৰিছিল বুলি মন্তব্য কৰি তেওঁ কয় যে এইগৰাকী প্রাক্তন প্রধানমন্ত্রীয়ে প্রগতিৰ নতুন বাট মুকলি কৰিছিল। তেওঁ কয় যে প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ী অসমবাসীৰ বাবে এটি বিশেষ নাম। অসমৰ বিদেশী নাগৰিকৰ সমস্যাৰ বিৰুদ্ধে হোৱা আন্দোলনত পূর্ণ সমর্থন জনাইছিল আৰু বিপদৰ সময়ত অসমবাসীৰ কাষত এইগৰাকী মহান নেতা সদায়ে আছিল। ভাৰতীয় জনতা পার্টি আৰু অখিল ভাৰতীয় বিদ্যার্থী পৰিষদে সেইসময়ৰ বিদেশী বহিষ্কাৰ আন্দোলনৰ প্ৰতি এক জনমত গঠনৰ প্ৰয়াস কৰিছিল বুলিও তেওঁ কয়। মুখ্যমন্ত্রীয়ে কয় যে অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানী, যশোৱন্ত সিঙকে আদি কৰি সেই সময়ৰ ভাৰতীয় জনতা পার্টিৰ শীৰ্ষতম নেতৃবৃন্দই অসমৰ প্ৰায়বোৰ জিলা সদৰলৈ গৈ অসম আন্দোলনৰ প্ৰতি দলটোৰ অকুণ্ঠ সমর্থনৰ কথা অসমবাসী ৰাইজক অৱগত কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...