ৰাজ্যজুৰি ক’ভিড ভেকচিনৰ ব্যাপক নাটনি

গুৱাহাটী, ১০ জুলাই, NKTV: সাৰ্বজনীন ভেকচিনৰ নামত ঢাক-ঢোল বজাই অৱশেষত এফালৰ পৰা ভেকচিনৰ শিবিৰ বন্ধ কৰিবলগীয়াৰ দৰে অৱস্থা হৈছে। সাৰ্বজনীন টিকাকৰণ আৰম্ভ হোৱাৰ তিনি দিনত ৯ লাখৰো অধিক ভেকচিন দি বাঃ বাঃ ল’বলৈ চেষ্টা কৰা চৰকাৰে যোৱা সপ্তাহটোত লাখৰ হিচাপততো দূৰৰে কথা, হাজাৰৰ হিচাপতো ভেকচিন প্ৰদান কৰিব পৰা নাই। যোৱা সপ্তাহটোত বুধবাৰে সৰ্বনিম্ন ৭ হাজাৰ ৯৩৫টা ভেকচিনহে সমগ্ৰ ৰাজ্যত প্ৰদান কৰে। শনিবাৰে এই সংখ্যা আছিল ৯ হাজাৰ ৫১১টা। যোৱা ২ জুলাইৰ পৰাই ৰাজ্যত ভেকচিন যোগানৰ নাটনিয়ে দেখা দিছে। ২ জুলাইৰ পৰা ৰাজ্যত ভেকচিন প্ৰদানৰ পৰিসংখ্যা আছিল এনে ধৰণৰ –

২ জুলাই: ২,৪১,৯২৮

৩ জুলাই: ১,৪৯,২২০

৪ জুলাই: ২৮,৩৬৬

৫ জুলাই: ৬০,৬৮৪

৬ জুলাই: ২০,৮৪২

৭ জুলাই: ৭,৯৩৫

৮ জুলাই: ৯,৫১১

৯ জুলাই: ৬০,৪১২

১০ জুলাই: ৮৭,৪৯৮

গ্ৰামাঞ্চলতো লক্ষ্যণীয়ভাৱে হ্ৰাস পাইছে ভেকচিন প্ৰদানৰ সংখ্যা। কোনো কোনো জিলাত দিনটোত প্ৰদান কৰা ভেকচিনৰ সংখ্যা আছিল ১০০ৰো তলত। চৰকাৰে অহা ১৫ আগষ্টৰ ভিতৰত অসমত ভেকচিনেশ্যন সম্পূৰ্ণ কৰিব বুলি ঘোষণা কৰিছিল যদিও এই গতিৰে ভেকচিন দি থাকিলে সমগ্ৰ প্ৰক্ৰিয়া যে বিলম্ব হ’ব সেয়া নিশ্চিত।

ব্যুৰ’ ৰিপ’ৰ্ট, NKTV

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...