১৫-১৮ বছৰৰ কিশোৰ–কিশোৰীক বাবে ভেকচিন, COWIN এপৰ জৰিয়তে কৰিব লাগিব নাম পঞ্জীয়ন

দেশজুৰি অব্যাহত আছে অমিক্ৰনৰ দ্ৰুত সংক্ৰমণ। ইখনৰ পিছত সিখন ৰাজ্যলৈ বিয়পিছে কৰ’নাৰ এই নতুন ভেৰিয়েণ্ট। সোমবাৰে এদিনতে দেশত ১৩৫ জন লোক অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত হয়। ইয়াকে ধৰি দেশত অমিক্ৰন আক্ৰান্তৰ মুঠ লোকৰ সংখ্যাই ৬০০ৰ ঘৰ অতিক্ৰম কৰিলে।

ইপিনে অমিক্ৰন ভেৰিয়েণ্ট দেশৰ বিভিন্ন ৰাজ্যত বিয়পি পৰাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে কিশোৰ–কিশোৰীসকলক ভেকচিন প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ১৫ৰ পৰা ১৮ বছৰ বয়সৰ ভিতৰৰ কিশোৰ–কিশোৰীক অহা ৩ জানুৱাৰীৰ পৰা ভাৰত বায়’টেকৰ ক’ভাক্সিন প্ৰদান কৰা হ’ব। ইয়াৰ বাবে COWIN এপৰ জৰিয়তে নাম পঞ্জীয়নৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমৰ চিকিৎসা ক্ষেত্ৰত নতুন ইতিহাস; GMCHত প্ৰথমবাৰৰ বাবে সফলতাৰে সম্পন্ন ৰবটিক কাৰ্ডিয়াক ছাৰ্জাৰী

অসমত প্ৰথমবাৰৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত (GMCH) সফলতাৰে...

পৰ্যটকৰ বাবে সুখবৰ, ২ অক্টোবৰৰ পৰা পুনৰ মুকলি মানাহ

অহা ২ অক্টোবৰ ২০২৬ৰ পৰা পুনৰ মুকলি হ’ব মানাহ...

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত পাকিস্তানক সমালোচনা; কাশ্মীৰ প্ৰসংগত পাকিস্তানক ভাৰতৰ তীব্ৰ প্ৰত্যুত্তৰ

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে কাশ্মীৰ প্ৰসংগ...