অনুষ্কা শৰ্মাৰ পৰা কৰীণালৈ, এইসকল তাৰকাৰ ঘৰলৈ ২০২১ত আহিল সন্তান

২০২১ বৰ্ষটো উত্থান-পতনৰ বছৰ। যদিও কভিডৰ বাবে বহুলোকে নিজৰ প্ৰিয়জনক হেৰুৱালে, এনে বহু লোক আছে, যাৰ জীৱনলৈ আহিল নৱজাতক। বহুতো চেলিব্ৰেটী এই বছৰ অভিভাৱক ৰূপে পৰিগণিত হল। বিদায়ী বছৰটোত কোন কোন তাৰকাই সন্তানক ঘৰলৈ স্বাগতম জনাইছিল জানো আহক।

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী অনুষ্কা শৰ্মা আৰু ক্ৰিকেটাৰ বিৰাট কোহলী এই বছৰ প্ৰথমবাৰৰ বাবে অভিভাৱক হয়। অনুষ্কাই যোৱা ১১ জানুৱাৰীত ভামিকা নামৰ এজনী কন্যা সন্তান জন্ম দিয়ে।

বলীউডৰ অভিনেত্ৰী কৰীণা কাপুৰ খান আৰু চেইফ আলী খান এই বছৰ দ্বিতীয়বাৰৰ বাবে অভিভাৱক হয়। কৰীণাই ২১ ফেব্ৰুৱাৰীত দ্বিতীয় পুত্ৰৰ জন্ম দিয়ে আৰু পুত্ৰৰ নাম জেহ ৰাখে।

অভিনেত্ৰী গীতা বাসৰা আৰু ক্ৰিকেটাৰ হৰভজন সিঙেও এই বছৰ দ্বিতীয়বাৰৰ বাবে অভিভাৱক হয়। ১০ জুলাইত দ্বিতীয়বাৰলৈ অভিভাৱকৰ সোৱাদ লাভ কৰে গীতাই। গীতাই এটা পুত্ৰসন্তান জন্ম দিয়ে, যাক জোভান বীৰ সিং প্লাহা নাম ৰাখিছে।

অভিনেত্ৰী লিছা হেডেন এই বছৰ তৃতীয়বাৰলৈ মাতৃ হৈছে। লিজাই জুলাই মাহত কন্যা লাৰাৰ জন্ম দিছিল। লিছা আৰু ডিনো লালৱানী পূৰ্বে দুটা সন্তানৰ অভিভাৱক। ২০১৭ চনত জেক আৰু ২০২০ চনত লিঅ’ নামৰ দুটা পুত্ৰ সন্তান জন্ম দিছিল লিছাই।

অভিনেত্ৰী প্ৰীতি জিণ্টাও এই বছৰ মাতৃত্বৰ গৌৰৱ অৰ্জন কৰে। স্বামী জেন গুডএনাফৰ সৈতে যমজ সন্তানৰ পিতৃ-মাতৃ হৈছে, যাক তেওঁলোকে জয় আৰু জিয়া নাম দিছে। চাৰোগেচীৰ জৰিয়তে দুয়োকে আদৰে অভিনেত্ৰীগৰাকীয়ে।

অভিনেতা অপাৰশক্তি খুৰানা আৰু পত্নী আকৃতি আহুজাও এই বছৰ অভিভাৱক ৰূপে পৰিগণিত হয়। আৰ্জোই এ খুৰানা নামৰ এগৰাকী ছোৱালীৰ পিতৃ-মাতৃ হয় অপাৰশক্তি-আকৃতি।

অভিনেত্ৰী দিয়া মিৰ্জা আৰু স্বামী বৈভৱ ৰেখিও এই বছৰ এটা পুত্ৰৰ পিতৃ-মাতৃ হৈছে। চলিত বছৰৰ ১৪ মে’ত দিয়াই এটা পুত্ৰ সন্তান জন্ম দিয়ে আৰু পুত্ৰৰ নাম অভ্যন আজাদ ৰেখি ৰাখে।

অভিনেত্ৰী নেহা ধুপিয়া আৰু অংগদ বেদী এই বছৰ দ্বিতীয়বাৰৰ বাবে পিতৃ-মাতৃ হৈছে। নেহাই ৩ অক্টোবৰত এটা পুত্ৰ সন্তান জন্ম দিছিল। ইয়াৰ পূৰ্বে মেহৰ নামৰ এজনী ছোৱালীৰ মাতৃত্ব অৰ্জন কৰিছিল নেহাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সম্পৰ্কবোৰত ঘুণে ধৰিছে নেকি!

পত্নী নিৰুদ্দেশ হোৱা বুলি ফেচবুকত পোষ্ট নেতা নৰেন তাঁতীৰ।...

ইৰাণৰ সৈতে সংঘৰ্ষৰ মাজতে গাজা আক্ৰমণ ইজৰাইলৰ

ইৰাণৰ সৈতে চলি থকা সংঘাতৰ মাজতো ইজৰাইলে গাজাত আক্ৰমণ...

শিশুৰ মাজত দায়িত্ববোধৰ অভাৱ? সমাধানৰ উপায় দিলে ছানী লিয়নে

অভিনয়ত সময় দিয়াৰ লগতে অভিনেত্ৰী ছানী লিয়নে তেওঁৰ পৰিয়ালৰ...

ট্ৰাম্পৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱত ইজৰাইলৰ সন্মতি, ইৰাণৰ অৱস্থান এতিয়াও অস্পষ্ট

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰস্তাৱিত যুদ্ধবিৰতিত ইজৰাইলে সন্মতি জনাইছে।...