প্ৰাকৃতিক সুবাসত উদীয়মান স্বপ্ন: USTMৰ ছাত্ৰীয়ে প্ৰস্তুত কৰিলে অৰ্গেনিক পাৰ্ফিউম

ইউনিভাৰ্চিটি অৱ চায়েন্স এণ্ড টেকন’লজি মেঘালয় (USTM)ৰ উদ্ভিদবিজ্ঞান বিভাগৰ প্ৰতিভাবান ছাত্ৰী আৰ্চি ফুকনে সফলভাৱে তৈয়াৰ কৰিছে এটা মনোমোহা অৰ্গেনিক আৰোমেটিক পাৰ্ফিউম। পৰিৱেশ-অনুকূল উপায়েৰে নিৰ্মিত এই পাৰ্ফিউমে সৌন্দৰ্য আৰু প্ৰকৃতিক একত্ৰিত কৰিছে।

এই প্ৰকল্পত তেওঁক মাৰ্গদৰ্শন আগবঢ়াইছে উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা ড° মৌতুষি দাসে। এই পাৰ্ফিউম কেৱল শৰীৰৰ বাবে নিৰাপদেই নহয়, পৰিৱেশৰ প্ৰতিও বন্ধুত্বপূৰ্ণ।

USTM

USTMৰ উদ্ভিদবিজ্ঞান বিভাগে ছাত্ৰ-ছাত্ৰীৰ উদ্ভাৱনী শক্তিক সদায় উৎসাহিত কৰে, আৰু আৰ্চিৰ এই সফলতা তাৰে এক উজ্জ্বল দৃষ্টান্ত। তেওঁৰ এই কৃতিত্বই বৰ্তমান উদ্ভিদ বিজ্ঞান বিভাগক গৌৰৱান্বিত কৰিছে।

ইতিমধ্যে, USTMৰ উদ্ভিদ বিজ্ঞান বিভাগে ২০তকৈ অধিক এনে পৰিৱেশ-বান্ধৱ সামগ্ৰী নিৰ্মাণ কৰি উলিয়াইছে।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই শীঘ্ৰেই আৰ্চি ফুকনৰ এই অৰ্গেনিক পাৰ্ফিউম বজাৰত উপলব্ধ কৰাৰ বাবে চিন্তা-চৰ্চা আৰম্ভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...