প্ৰাকৃতিক সুবাসত উদীয়মান স্বপ্ন: USTMৰ ছাত্ৰীয়ে প্ৰস্তুত কৰিলে অৰ্গেনিক পাৰ্ফিউম

ইউনিভাৰ্চিটি অৱ চায়েন্স এণ্ড টেকন’লজি মেঘালয় (USTM)ৰ উদ্ভিদবিজ্ঞান বিভাগৰ প্ৰতিভাবান ছাত্ৰী আৰ্চি ফুকনে সফলভাৱে তৈয়াৰ কৰিছে এটা মনোমোহা অৰ্গেনিক আৰোমেটিক পাৰ্ফিউম। পৰিৱেশ-অনুকূল উপায়েৰে নিৰ্মিত এই পাৰ্ফিউমে সৌন্দৰ্য আৰু প্ৰকৃতিক একত্ৰিত কৰিছে।

এই প্ৰকল্পত তেওঁক মাৰ্গদৰ্শন আগবঢ়াইছে উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা ড° মৌতুষি দাসে। এই পাৰ্ফিউম কেৱল শৰীৰৰ বাবে নিৰাপদেই নহয়, পৰিৱেশৰ প্ৰতিও বন্ধুত্বপূৰ্ণ।

USTM

USTMৰ উদ্ভিদবিজ্ঞান বিভাগে ছাত্ৰ-ছাত্ৰীৰ উদ্ভাৱনী শক্তিক সদায় উৎসাহিত কৰে, আৰু আৰ্চিৰ এই সফলতা তাৰে এক উজ্জ্বল দৃষ্টান্ত। তেওঁৰ এই কৃতিত্বই বৰ্তমান উদ্ভিদ বিজ্ঞান বিভাগক গৌৰৱান্বিত কৰিছে।

ইতিমধ্যে, USTMৰ উদ্ভিদ বিজ্ঞান বিভাগে ২০তকৈ অধিক এনে পৰিৱেশ-বান্ধৱ সামগ্ৰী নিৰ্মাণ কৰি উলিয়াইছে।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই শীঘ্ৰেই আৰ্চি ফুকনৰ এই অৰ্গেনিক পাৰ্ফিউম বজাৰত উপলব্ধ কৰাৰ বাবে চিন্তা-চৰ্চা আৰম্ভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...