হাৰিয়ানাৰ মডেলক হত্যা কৰি গাড়ীৰে সৈতে পেলাই দিয়া হ’ল খালত

হাৰিয়ানাৰ মডেল শীতল চৌধৰীৰ হত্যাকাণ্ডৰ ৰহস্য বাঢ়িছে। শীতলক হত্যা কৰি সেই ঘটনাক দুৰ্ঘটনাৰ আখ্যা দিয়াৰ চেষ্টা কৰিছিল তেওঁৰ ‘প্ৰেমিক’ সুনীলে। তদন্তত এনে তথ্যই পোহৰলৈ আহিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, শীতলৰ সৈতে সাক্ষাৎ কৰিছিল সুনীলে। দুয়ো গাড়ীত বহি মদ্যপান কৰিছিল। সেই সময়ত কোনো বিষয়ক লৈ দুয়োৰে মাজত কথাৰ কটাকটি হয়। তাৰ পিছতেই সুনীলে শীতলক মাৰপিট কৰিবলৈ আৰম্ভ কৰে। শীতলৰ ভনী নেহাৰ দাবী, শনিবাৰে নিশা তেওঁৰ বায়েকৰ পৰা ফোন আহিছিল। কান্দি কান্দি তেওঁ কৈছিল যে তেওঁৰ ‘প্ৰেমিক’ সুনীলে তেওঁক মাৰপিট কৰিছে। তাৰ পিছতেই শীতলৰ ফোন বন্ধ হৈ যায়। শনিবাৰৰ পৰা শীতলৰ সৈতে পৰিয়ালৰ কোনো যোগাযোগ নাই।

ৰবিবাৰে পুৱা হাৰিয়ানাৰ পানিপতৰ দিল্লী পেৰালালৰ এটা খালত এখন গাড়ী ওপঙি থকা স্থানীয় লোকে দেখিছিল। গাড়ীৰ ভিতৰৰ পৰা সুনীলক উদ্ধাৰ কৰা হৈছিল। কিন্তু শীতলৰ কোনো খবৰ নাছিল। সোমবাৰে খাৰখোৰাৰ ওচৰৰ এটা খালৰ পৰা শীতলৰ ডিঙি কটা দেহ উদ্ধাৰ কৰা হয়। অভিযুক্ত সুনীলে আৰক্ষীৰ আগত দাবী কৰিছিল যে, গাড়ী চলাওঁতে নিয়ন্ত্ৰণ হেৰুৱাই খালত পৰি গৈছিল। তেওঁ কোনোমতে সাঁতুৰি পাৰলৈ আহিছিল, কিন্তু শীতল গাড়ীৰ পৰা ওলাব নোৱাৰি ডুবি মৃত্যুমুখত পৰিছিল। কিন্তু সুনীলৰ এই দাবী সন্দেহজনক যেন লাগিছিল। ফলত তেওঁক আটক কৰি প্ৰশ্ন কৰা আৰম্ভ কৰা হয়। ইয়াৰ মাজতে সোমবাৰে খালৰ পৰা শীতলৰ দেহ উদ্ধাৰ হয়। প্ৰাথমিক তদন্তত জনা যায় যে, শীতলৰ ডিঙিত চোকা অস্ত্ৰৰ আঘাতৰ চিহ্ন আছে। ডিঙিৰ নলী কটা আছিল। তাৰ পিছত তদন্তকাৰীয়ে সুনীলক আৰু কঠোৰভাৱে জেৰা কৰে। অবিৰত জেৰাৰ পৰি সুনীলে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে বুলি তদন্তকাৰীয়ে দাবী কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...