USTMৰ গৱেষক দলে ক’লা হালধি ব্যৱহাৰ কৰি প্ৰস্তুত কৰিছে ১০০% প্ৰাকৃতিক জৈৱ প্ৰতিজীৱী (Antimicrobial) ক্ৰীম

USTMৰ এক আগশাৰীৰ গৱেষক দলে এটা উল্লেখযোগ্য গৱেষণা সফলতা অৰ্জন কৰিছে। তেওঁলোকে এটা সম্পূৰ্ণ প্ৰাকৃতিক জৈৱ প্ৰতিজীৱী ক্ৰীম (Antimicrobial cream) প্ৰস্তুত কৰি উলিয়াইছে, যাৰ মূল উপাদান হৈছে দুৰ্লভ ক’লা হালধি (Curcuma Caesia Roxb.)।

পাঁচ বছৰৰ বৈজ্ঞানিক গৱেষণা আৰু ক্লিনিকেল পৰীক্ষাৰ পিছত, কাৰ্বি আংলং, খেত্রী, মইৰাং, আৰু নংপোহ অঞ্চলসমূহত এই গৱেষণা সম্পাদিত হয়। এই প্ৰস্তুতকৰণৰ পেটেণ্ট ২৫ জুলাই তাৰিখে Indian Patent Journal-ত প্ৰকাশিত হয়। ই ছালৰ বহু প্ৰকাৰৰ ৰোগ—যেনে একজিমা, একনে, বেক্টেৰিয়া/ফাংগাছজনিত সংক্ৰমণ আদিৰ কাৰ্যকৰী চিকিৎসা হিচাপে নিজৰ প্ৰভাৱ প্ৰমাণ কৰিছে।

এই গৱেষণা PhDৰ গৱেষক ৰানা মুখাৰ্জীৰ নেতৃত্বত আৰু জৈৱ বিজ্ঞান বিভাগৰ অধ্যাপক ডাঃ দেবজা শৰ্মাৰ তত্বাৱধানত আৰু উপাচাৰ্য প্ৰফ. জি. ডি. শৰ্মাৰ সহ-তত্বাৱধানত সম্পন্ন হয়। নগাঁৱৰ মৌমিতা চৰকাৰও এই প্ৰকল্পৰ সহ-আৱিষ্কাৰক।

ডাঃ শৰ্মাই কয়, “আমাৰ ক্ৰীমটো ৫০ গৰাকী স্বেচ্ছাসেৱকক অনুমোদিত মানব পৰীক্ষাৰ মাধ্যমে প্ৰয়োগ কৰা হৈছিল আৰু ফলাফল অভুতপূৰ্ব আছিল। ক্ৰনিক বেডছোৰত ভোগা এজন ৰোগী সম্পূৰ্ণভাৱে আৰোগ্য লাভ কৰে।”

এই ক্ৰীমটো ক’লা হালধি, ঘৃতকুমাৰী (Aloe vera), নাৰিকল তেল আৰু চন্দন তেলৰ মিশ্ৰণে তৈয়াৰ কৰা হৈছে। ই বেক্টেৰিয়া, ফাংগাছ, ইনফ্লেমেচন, একজিমা, ছানবাৰ্ণ, একনে, আৰু ছালৰ সংবেদনশীলতাৰ বাবে উপযোগী। লগতে, এই প্ৰস্তুতকৰণত UV প্ৰটেকশ্যনৰ সুবিধাও আছে।

বজাৰৰ অন্য আয়ুৰ্বেদিক ক্ৰীমসমূহৰ সৈতে তুলনা কৰি দেখা গৈছে যে তাত ৰাসায়নিক উপাদান থাকে, কিন্তু USTMৰ গৱেষণাগাৰত প্ৰস্তুত কৰি উলিওৱা এই ক্ৰীমটো ১০০% প্ৰাকৃতিক আৰু ৰাসায়নিক মুক্ত। এই গৱেষণা বৈজ্ঞানিক সমাজত যথেষ্ট সমাদৃত হৈছে আৰু আধুনিক জৈৱ-চিকিৎসা গৱেষণাৰ সৈতে পৰম্পৰাগত জ্ঞানৰ মিলন ঘটোৱাৰ বাবে বিশেষ প্ৰশংসা লাভ কৰিছে।

USTMয়ে বৰ্তমান বিভিন্ন ফাৰ্মাচিউটিকেল কোম্পানীৰ সৈতে যোগাযোগ স্থাপন কৰিছে যাতে এই ক্ৰীম বজাৰত উপলব্ধ কৰিব পৰা যায়। যদিও অৰ্থৰ যোগান এখন সঁচা চেলেঞ্জ, বিশ্ববিদ্যালয়ৰ আশা; বিভিন্ন উদ্যোগ, চৰকাৰী সংস্থা আৰু স্বাস্থ্য ক্ষেত্ৰৰ সহায় লাভ কৰিলে এই উদ্ভাৱনটো বৃহৎ পৰিসৰত জনসাধাৰণলৈ আগবঢ়াব পাৰিব।

“USTM সদায় সমাজ পৰিবৰ্তনকাৰী গৱেষণাৰ ওপৰত গুৰুত্ব দিয়ে,” উপাচাৰ্য গৰাকীয়ে কয়। “এই গৱেষণাই দেখুৱাইছে যে – পৰম্পৰাগত গৱেষণা আৰু আধুনিক বিজ্ঞান একেলগে চলিলে কিমান শক্তিশালী হ’ব পাৰে।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘অনশন’ অথবা ‘পদযাত্ৰা’ৰ হুংকাৰ; দিল্লীত আটক নেতাসকলৰ মুক্তিৰ দাবীত সৰৱ সোনম ৱাংচুক

লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক...

ৰতন লহকৰৰ সপোনৰ কহিনুৰৰ যৱনিকা; কান্দি কান্দি কহিনুৰ বন্ধৰ ঘোষণা তপন লহকৰৰ

অসমৰ ভ্ৰাম্যমান নাট্যজগতলৈ আহিল এক দুঃখবৰ। ১৯৭৬ চনত ৰতন...

ISLৰ নতুন ছিজনৰ বাবে সাজু নৰ্থইষ্ট ইউনাইটেড

আজিৰে পৰা আৰম্ভ হৈছে ভাৰতীয় ফুটবলৰ অন্যতম শীৰ্ষ প্ৰতিযোগিতা...