ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ ভিতৰত স্থান দিয়া হৈছে USTMৰ অধ্যাপকক

আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে ২০২৪ চনৰ বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ ভিতৰত স্থান দিছে ইউনিভাৰ্ছিটি অফ চাইঞ্চ এণ্ড টেকনোলজী মেঘালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° ফৈজুদ্দিন আহমেদক। সোমবাৰে প্ৰকাশ পাইছে এই তালিকাখন।

একেৰাহে পঞ্চম বছৰৰ বাবে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ বিশ্বৰ আগশাৰীৰ বিজ্ঞানীসকলৰ সন্মানীয় তালিকাত স্থান লাভ কৰিছে ড° ফৈজুদ্দিন আহমেদে। তেওঁৰ অগ্ৰণী গৱেষণা মূলতঃ তাত্ত্বিক পদাৰ্থ বিজ্ঞানক কেন্দ্ৰ কৰি সাধাৰণ আপেক্ষিকতা আৰু কোৱাণ্টাম বলবিজ্ঞানৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। ড° আহমেদে সাধাৰণ আপেক্ষিকতা আৰু কোৱাণ্টাম বলবিজ্ঞানৰ ক্ষেত্ৰখনলৈ যথেষ্ট অৱদান আগবঢ়াই আহিছে আৰু ইতিমধ্যে তেওঁ বিশিষ্ট স্ক’পাছ-ইনডেক্সড আলোচনীত ১৬৫খন গৱেষণা পত্ৰ প্ৰকাশ কৰিছে।

এই সন্মান লাভ কৰাৰ লগে লগে কৃতজ্ঞতা প্ৰকাশ কৰি ড° আহমেদে কয়, “ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে একেৰাহে পঞ্চম বছৰৰ বাবে স্বীকৃতি লাভ কৰাটো সঁচাকৈয়ে মোৰ বাবে ভাল লগা খবৰ। এই কৃতিত্বই নিষ্ঠাৱান গৱেষণাৰ তাৎপৰ্য্য আৰু জ্ঞানৰ অদম্য সাধনাক উজ্জ্বল কৰি তুলিছে। মই USTM আৰু মোৰ সহকৰ্মীসকলৰ পৰা পোৱা সমৰ্থনৰ বাবে গভীৰভাৱে কৃতজ্ঞ।’

ড° আহমেদে ২০০৬ চনত ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ২০০৯ চনত গৌহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ড° আহমেদৰ কৰ্মৰাজীৰ এই বিশ্বব্যাপী স্বীকৃতিয়ে কেৱল তেওঁৰ ব্যক্তিগত নিষ্ঠা প্ৰদৰ্শন কৰাই নহয়, USTMত চলোৱা বৈজ্ঞানিক গৱেষণাৰ মানদণ্ডৰ ওপৰতো আলোকপাত কৰে। তেওঁৰ এই সাফল্যই বিশ্বমানৰ গৱেষণা আৰু উদ্ভাৱনক লাভান্বিত কৰাৰ বাবে USTMৰ দায়বদ্ধতাক দৃঢ় কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...