USTMত ২০২৫ (B) বেটছৰ নতুন PhD গৱেষকসকলৰ বাবে অনুপ্ৰেৰণাদায়ক অ’ৰিয়েণ্টেচন অনুষ্ঠান আয়োজন

USTM এ ২০২৫ (B) বেটছৰ নতুনকৈ ভৰ্তি হোৱা PhD গৱেষকসকলক লক্ষ্য কৰি এটা অনুপ্ৰেৰণাদায়ক আৰু জ্ঞান সমৃদ্ধ অৰিয়েণ্টেচন অনুষ্ঠান আয়োজন কৰিলে। USTMৰ ৯ মাইল, বৰিডুৱাত অৱস্থিত দৰ্শনীয় টেকন’ চিটি কেম্পাছৰ ব্লক–এ কনফাৰেন্স হলত অনুষ্ঠিত অনুষ্ঠানটোৱে বিশ্ববিদ্যালয়ৰ গৱেষণামূলক সংস্কৃতি, একাডেমিক প্রত্যাশা আৰু উপলব্ধ সম্পদসমূহৰ সৈতে নতুন গৱেষকসকলক পৰিচিত কৰাই তুলিলে।

অনুষ্ঠানৰ আৰম্ভণি হয় পুৱা ১১ বজাত। ইউএছটিএমৰ মাননীয় উপাচাৰ্য্য প্ৰফ. জি. ডি. শৰ্মাই উষ্ণ স্বাগতম ভাষণ দাঙি ধৰিলে। শিক্ষাবিদ আৰু জীৱবিজ্ঞান ক্ষেত্ৰত প্ৰখ্যাত বিজ্ঞানীজনৰ অভিজ্ঞতাপূৰ্ণ ভাষণত তেওঁ গৱেষকসকলক সততা আৰু সৃষ্টিশীলতাৰ সৈতে গৱেষণা আগুৱাই নিবলগীয়া বুলিক উৎসাহিত কৰে। তেওঁ উল্লেখ কৰে যে, আগতে শিক্ষাৰ গুৰি আছিল জ্ঞান আহৰণত, কিন্তু বৰ্তমান যুগত গুৰি হৈছে জ্ঞানৰ প্ৰয়োগত। তেওঁৰ ভাষাত – “আপুনি আধুনিক ধাৰণা লৈ আহিলে বিশ্ববিদ্যালয়ই সকলো সহায় আগবঢ়াব। সকলো শাখাত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ বৰ্তমান সহজলভ্য।”

তেওঁ গৌৰৱৰ সৈতে উল্লেখ কৰে যে, যোৱা দুবছৰতে ইউএছটিএমৰ ১৭০টা পেটেণ্ট প্ৰকাশিত হৈছে আৰু ১২টাতকৈ অধিক নতুন ষ্টাৰ্টআপৰ জন্ম দিছে।


প্ৰথম অধিবেশনত উত্তৰ–পূৰ্বাঞ্চল হিল ইউনিভাৰ্চিটী (NEHU)ৰ বায়টেকনলজী আৰু বায়ইনফৰ্মেটিকছ বিভাগৰ সহ-প্ৰফেছৰ ড° সুখতিলাং মজাওই মূল বক্তৃতা প্রদান কৰে। তেওঁ গৱেষণাত নৈতিকতাৰ গুৰুত্বত বিশেষ ভাৱে জোৰ দিয়ে। AI যুগত গৱেষণাত মৌলিকতা, সততা আৰু গুণগত মান অতি প্ৰয়োজনীয় বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় – “লেবৰেটৰীত কাম কৰাৰ সময়ত বিজ্ঞানতকৈও সদয়তা আৰু সহযোগিতা সমান গুৰুত্বপূৰ্ণ।”


তেওঁৰ অন্তিম উক্তি গৱেষকসকলৰ বাবে অনুপ্ৰেৰণা স্বৰূপ – “পিএইচ.ডি. কেৱল এজনক ডিগ্ৰী নিদিয়ে; ই আপোনাক নিজৰ কোম্পানীৰ CEO হোৱাৰ শক্তিও প্ৰদান কৰিব পাৰে।”

তদুপৰি, আই আই টি গুৱাহাটী (IITG)ৰ Humanities & Social Sciences বিভাগৰ প্ৰফেছৰ ড° সম্বিত মল্লিকে গৱেষণাৰ গণতান্ত্ৰিকৰণ আৰু নৈতিক বিচাৰশক্তিৰ গুৰুত্বৰ ওপৰত ভাষণ দিয়ে। তেওঁ কয় – “প্ৰশ্ন কৰাৰ ক্ষমতা নাথাকিলে গণতন্ত্ৰৰ অৰ্থ হেৰুৱায়।”

ইউএছটিএমৰ একাডেমিক ৰেজিষ্ট্ৰাৰ ড° আজমল হুছেইন বৰভুইয়াই বিশ্ববিদ্যালয়ৰ গৱেষণা-কেন্দ্ৰিক ভাৱধাৰাৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে – “ইয়াত গৱেষণা কেৱল এটা প্ৰাথম্য নহয়, ই ইউএছটিএমৰ হৃদয়।”
আনুষ্ঠানিক অধিবেশন সম্পূৰ্ণ হোৱাৰ পিছত নতুন গৱেষকসকলে নিজৰ নিজ নিজ বিভাগলৈ গম লৈ উপদেষ্টাসকলৰ সৈতে পৰিচিত হোৱাৰ সুযোগ লাভ কৰে।
এই অৰিয়েণ্টেচন অনুষ্ঠানটোৱে নতুনকৈ ভৰ্তি হোৱা পিএইচ.ডি. গৱেষকসকলৰ বাবে এক অনুপ্ৰেৰণামূলক আৰম্ভণি প্ৰদান কৰিলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...