শুল্কৰ পিছত আমেৰিকাই দিলে আন এটা আঘাত

ভাৰত আৰু আমেৰিকাৰ মাজত শুল্ক যুদ্ধৰ বাবে সম্পৰ্কত তিক্ততা বাঢ়িছে। এই পৰিস্থিতিত আমেৰিকাই নতুন ভীজা নিয়ম কঠোৰ কৰি ভাৰতৰ বাবে নতুন উত্তেজনাৰ সৃষ্টি কৰিছে। আমেৰিকাৰ বিদেশ মন্ত্ৰণালয়ে জনাইছে যে, নন-ইমিগ্ৰেণ্ট ভীজা (এনআইভি)ৰ বাবে আবেদনকাৰীয়ে এতিয়া তেওঁলোকৰ নিজৰ দেশ বা বৈধ বাসস্থানৰ দেশতেই ইণ্টাৰভিউৰ বাবে এপইণ্টমেণ্ট ল’ব লাগিব। এই নিৰ্দেশৰ ফলত ভাৰতীয় নাগৰিকসকলে এতিয়া অন্য দেশৰ সহায় লৈ খৰখেদাকৈ ভীজাৰ ইণ্টাৰভিউৰ এপইণ্টমেণ্ট ল’ব নোৱাৰিব।

আমেৰিকাৰ বিদেশ মন্ত্ৰণালয়ে ৬ ছেপ্টেম্বৰত তেওঁলোকৰ আনুষ্ঠানিক ৱেবছাইটত জনাইছে, ‘তৎকালীন ভাৱে আমেৰিকাৰ বিদেশ মন্ত্ৰণালয়ে সকলো নন-ইমিগ্ৰেণ্ট ভীজা আবেদনকাৰীৰ বাবে ইণ্টাৰভিউৰ এপইণ্টমেণ্টৰ নিৰ্দেশ আপডেট কৰিছে।’ নন-ইমিগ্ৰেণ্ট ভীজা হৈছে এনে এক প্ৰকাৰৰ ভীজা যিয়ে বিদেশী নাগৰিকক পৰ্যটন, ব্যৱসায়, চিকিৎসা, অস্থায়ী কাম বা পঢ়া-শুনাৰ বাবে আমেৰিকাত অস্থায়ীভাৱে প্ৰৱেশৰ অনুমতি দিয়ে। এই ভীজা আমেৰিকাত স্থায়ীভাৱে থকাৰ উদ্দেশ্যৰ বাবে প্ৰদান কৰা নহয় আৰু ইয়াৰ এক নিৰ্দিষ্ট সময়সীমা থাকে।

আমেৰিকাই তেওঁলোকৰ নিৰ্দেশত কৈছে, ‘নন-ইমিগ্ৰেণ্ট ভীজাৰ বাবে আবেদনকাৰীয়ে তেওঁলোকৰ নাগৰিকত্ব বা বাসস্থানৰ দেশত অৱস্থিত আমেৰিকাৰ দূতাবাস বা কনচুলেটত ইণ্টাৰভিউৰ এপইণ্টমেণ্ট ল’ব লাগিব। যিসমূহ দেশত আমেৰিকা চৰকাৰে নিয়মিত নন-ইমিগ্ৰেণ্ট ভীজাৰ কাৰ্যক্ৰম পৰিচালনা নকৰে, সেই দেশৰ নাগৰিকসকলে নিৰ্দিষ্ট দূতাবাসত আবেদন কৰিব লাগিব।’

এই নতুন নিয়মৰ ফলত ভাৰতীয় নাগৰিকসকলে এতিয়া অন্য দেশত গৈ বি১ (ব্যৱসায়িক) বা বি২ (পৰ্যটক) ভীজাৰ বাবে তৎকালীন এপইণ্টমেণ্ট ল’ব নোৱাৰিব। প্ৰকৃততে, ক’ভিড-১৯ মহামাৰীৰ সময়ত ভাৰতত ভীজাৰ ইণ্টাৰভিউৰ বাবে ৩ বছৰ পৰ্যন্ত অপেক্ষা কৰিবলগীয়া হৈছিল। তাৰ ফলত ভাৰতীয়সকলে প্ৰতিবেশী দেশসমূহত গৈ ইণ্টাৰভিউৰ এপইণ্টমেণ্ট লৈছিল।

আমেৰিকাৰ নাগৰিকত্ব আৰু আপ্ৰৱাসন সেৱা (ইউএছচিআইএছ) অনুসৰি, আমেৰিকাৰ বিদেশ মন্ত্ৰণালয়ে নন-ইমিগ্ৰেণ্ট ভীজাৰ ইণ্টাৰভিউৰ ছুটৰ কাৰ্যক্ৰমত নিৰাপত্তা জোৰদাৰ কৰিবলৈ কিছু পৰিৱৰ্তন কৰিছে, যি ২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হৈছে। নতুন নিৰ্দেশনা অনুসৰি, অধিকাংশ নন-ইমিগ্ৰেণ্ট ভীজাৰ আবেদনকাৰীয়ে বাধ্যতামূলকভাৱে কনচুলাৰ ইণ্টাৰভিউ দিব লাগিব, য’ত ১৪ বছৰৰ তলৰ আৰু ৭৯ বছৰৰ ওপৰৰ বয়সৰ লোকসকলো অন্তৰ্ভুক্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...