আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন

আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন। সমানে সমানে যুঁজিছে ড’নাল্ড ট্ৰাম্প-কমলা হেৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন পদ্ধতি কিছু সুকীয়া। আমেৰিকাৰ ৫০খন প্ৰদেশৰ ‘ইলেক্ট্ৰ’ৰেল কলেজ’ নিৰ্বাচিত হ’ব। ‘ইলেক্ট্ৰ’ৰেল কলেজ’ৰ মুঠ ভোটৰ সংখ্যা ৫৩৮। এই ৫৩৮ ইলেক্টৰে ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব। একোখন প্ৰদেশত জয়ী হোৱাৰ অৰ্থ প্ৰদেশখনৰ সকলো ইলেক্ট্ৰ’ৰেল কলেজৰ ভোট জয়ী হোৱা দললৈ যাব। ইলেক্টৰৰ নিৰ্বচনে নিৰ্ধাৰণ কৰিব কোন হ’ব আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি। যাৰ পক্ষত ২৭০ ইলেক্টৰ থাকিব তেৱেই হ’ব ৰাষ্ট্ৰপতি। ১৩ ডিচেম্বৰত সংশ্লিষ্ট প্ৰদেশৰ ৰাজধানী নিজৰ দলৰ প্ৰাৰ্থীক ভোট দি আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰপতি নিৰ্বাচন হ’ব। আমেৰিকাৰ সাধাৰণ ভোটাৰে প্ৰত্যক্ষভাৱে ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব নোৱাৰে। সেই লৈয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ বিতৰ্কৰো সৃষ্টি হৈ আহিছে। এইবাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বেলটত বাংলা ভাষাও অন্তৰ্ভুক্ত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰতিবাদত অংশ লৈ বিপদত অভিনেতা ইমৰান খান! ২৮ অক্টোবৰৰ ভিতৰত ভাৰত এৰাৰ জাননী মুম্বাই আৰক্ষীৰ

বলিউডৰ অভিনেতা তথা ছুপাৰষ্টাৰ আমিৰ খানৰ ভতিজা ইমৰান খানলৈ...

উত্তৰাখণ্ডৰ অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত প্ৰতিবাদ দিল্লীত; ন্যায় বিচাৰি প্ৰতিবাদ কৰা পিতৃ-মাতৃক আটক

উত্তৰাখণ্ডৰ বহু চৰ্চিত অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায় বিচাৰি দিল্লীৰ...

সুৰেৰে অসমবাসীৰ মাজত আজিও অমৰ ‘ৰাণাদা’; কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ পূণ্যতিথিত স্মৰণ অসমবাসীৰ

অসমীয়া সংগীত জগতৰ এগৰাকী অনন্য প্ৰতিভা, দৰদী কণ্ঠশিল্পী, সুৰকাৰ...