আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন

আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন। সমানে সমানে যুঁজিছে ড’নাল্ড ট্ৰাম্প-কমলা হেৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন পদ্ধতি কিছু সুকীয়া। আমেৰিকাৰ ৫০খন প্ৰদেশৰ ‘ইলেক্ট্ৰ’ৰেল কলেজ’ নিৰ্বাচিত হ’ব। ‘ইলেক্ট্ৰ’ৰেল কলেজ’ৰ মুঠ ভোটৰ সংখ্যা ৫৩৮। এই ৫৩৮ ইলেক্টৰে ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব। একোখন প্ৰদেশত জয়ী হোৱাৰ অৰ্থ প্ৰদেশখনৰ সকলো ইলেক্ট্ৰ’ৰেল কলেজৰ ভোট জয়ী হোৱা দললৈ যাব। ইলেক্টৰৰ নিৰ্বচনে নিৰ্ধাৰণ কৰিব কোন হ’ব আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি। যাৰ পক্ষত ২৭০ ইলেক্টৰ থাকিব তেৱেই হ’ব ৰাষ্ট্ৰপতি। ১৩ ডিচেম্বৰত সংশ্লিষ্ট প্ৰদেশৰ ৰাজধানী নিজৰ দলৰ প্ৰাৰ্থীক ভোট দি আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰপতি নিৰ্বাচন হ’ব। আমেৰিকাৰ সাধাৰণ ভোটাৰে প্ৰত্যক্ষভাৱে ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব নোৱাৰে। সেই লৈয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ বিতৰ্কৰো সৃষ্টি হৈ আহিছে। এইবাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বেলটত বাংলা ভাষাও অন্তৰ্ভুক্ত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...