বাংলাদেশৰ পণ্যৰ ওপৰত ১৭ শতাংশ শুল্ক হ্ৰাস কৰিলে আমেৰিকাই! এতিয়া মুঠ শুল্ক কিমান দিব লাগিব?

অন্যান্য দেশৰ দৰে বাংলাদেশৰ পণ্যৰ ওপৰতো শুল্কৰ পৰিমাণ ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। স্থানীয় সময় অনুসৰি বৃহস্পতিবাৰে হোৱাইট হাউচৰ পৰা এই শুল্কৰ তালিকা প্ৰকাশ কৰা হৈছে। ট্ৰাম্পে এই সংক্ৰান্তীয় নিৰ্দেশনামাত স্বাক্ষৰ কৰিছে। য’ত কোৱা হৈছে যে, বাংলাদেশৰ পণ্যৰ ওপৰত আমেৰিকাই ২০ শতাংশ শুল্ক আদায় কৰিব। ইয়াৰ আগতে ঢাকাক ৩৭ শতাংশ শুল্কৰ কথা জনোৱা হৈছিল, যিটো ১৭ শতাংশ হ্ৰাস পাইছে। যদিও বাংলাদেশৰ অন্তৰ্বৰ্তী চৰকাৰৰ প্ৰধান উপদেষ্টা মুহাম্মদ ইউনুছে আৰু কিছু শুল্ক হ্ৰাসৰ আশা কৰিছিল। বাংলাদেশৰ সংবাদমাধ্যম প্ৰথম আলোৱে বাণিজ্য উপদেষ্টা শেখ বশিৰউদ্দীনৰ উদ্ধৃতি দি এই তথ্য জনাইছে।

২ এপ্ৰিলত ট্ৰাম্পে প্ৰথমবাৰৰ বাবে বিভিন্ন দেশৰ ওপৰত শুল্কৰ পৰিমাণ ঘোষণা কৰোঁতে বাংলাদেশৰ পণ্যৰ পৰা ৩৭ শতাংশ শুল্ক লোৱাৰ কথা কৈছিল। পিছত সেই শুল্ক স্থগিত কৰা হৈছিল। ইউনুছলৈ পত্ৰ প্ৰেৰণ কৰি ট্ৰাম্পে জনাইছিল যে, ৩৭ শতাংশৰ পৰিৱৰ্তে ২ শতাংশ কমাই বাংলাদেশৰ ওপৰত ৩৫ শতাংশ শুল্ক ধাৰ্য কৰা হৈছে। তাৰ পিছতো বাংলাদেশৰ বিষয়ববীয়াসকলে হোৱাইট হাউচৰ সৈতে শুল্কৰ বিষয়ে আলোচনা চলাই গৈছিল, শুল্কৰ পৰিমাণ আৰু কমাব পৰাৰ উপায় বিচাৰি। অৱশেষত সেই আলোচনাৰ পিছত বৃহস্পতিবাৰে ট্ৰাম্পে বাংলাদেশৰ শুল্ক চূড়ান্ত কৰে, ঘোষণা কৰে যে- আমেৰিকাৰ বজাৰত পণ্য বিক্ৰীৰ বাবে বাংলাদেশে ২০ শতাংশ হাৰত শুল্ক দিব লাগিব।

ট্ৰাম্পৰ ঘোষণাই প্ৰত্যাশা পূৰণ নকৰিলেও ঢাকা সম্পূৰ্ণৰূপে হতাশ নহয়। বশিৰউদ্দীনে কৈছে, “২০ শতাংশ শুল্কত আমি প্ৰতিযোগিতামূলক অৱস্থাত থাকিম। আমেৰিকাত আমাৰ ৰপ্তানি বাধাগ্ৰস্ত নহ’ব। তেনে কোনো আশংকা নাই। তথাপি আমি ২০ শতাংশৰ তলৰ শুল্ক প্ৰত্যাশা কৰিছিলোঁ।” প্ৰকৃততে, এই ২০ শতাংশ শুল্ক আগতকৈ অধিক হৈছে । বৰ্তমান বাংলাদেশে গড়ে ১৫ শতাংশ হাৰত শুল্ক দি আমেৰিকাত ব্যৱসায় কৰে। ফলত ট্ৰাম্পৰ বৰ্দ্ধিত শুল্ক প্ৰযোজ্য হ’লে ঢাকাই মুঠ ৩৫ শতাংশ শুল্ক পৰিশোধ কৰিব লাগিব। বিদেশী সংবাদমাধ্যমৰ মতে, আগন্তুক ৭ আগষ্টৰ পৰা এই বৰ্দ্ধিত শুল্ক কাৰ্যকৰী হ’ব। তথাপি ট্ৰাম্প প্ৰশাসনে এই বিষয়ে এতিয়ালৈকে কোনো স্পষ্ট ঘোষণা কৰা নাই।

ইউনুছে এই বাণিজ্য চুক্তিক ‘ঐতিহাসিক’ বুলি অভিহিত কৰিছে। তেওঁ কৈছে, “শুল্কৰ হাৰ ২০ শতাংশ কৰা হৈছে। পূৰ্বৰ ধাৰ্য শুল্কৰ তুলনাত ই ১৭ শতাংশ কম। শুল্কৰ বিষয়ে আলোচনাত আমাৰ প্ৰতিনিধিসকলে অসাধাৰণ কৌশলগত দক্ষতা দেখুৱাইছে। বাংলাদেশৰ অৰ্থনৈতিক স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোক অটল।” ফেব্ৰুৱাৰী মাহৰ পৰা আমেৰিকাৰ সৈতে বাণিজ্যৰ বিষয়ে আলোচনা চলি আছে বুলি ইউনুছে জনাইছে। তেওঁৰ মতে, “এই চুক্তিয়ে আমাৰ জাতীয় স্বাৰ্থ ৰক্ষা কৰিছে আৰু তুলনামূলক সুবিধা ধৰি ৰাখিবলৈ সক্ষম হৈছে।” এই চুক্তিয়ে বাংলাদেশৰ দীৰ্ঘম্যাদী সমৃদ্ধিৰ পথ প্ৰশস্ত কৰিছে বুলি ইউনুছৰ দাবী।

প্ৰথমে ভাৰতৰ ওপৰত আমেৰিকাই ২৭ শতাংশ শুল্ক ধাৰ্য কৰিছিল, যিটো পিছত ২৫ শতাংশত চূড়ান্ত কৰা হৈছে। পাকিস্তানৰ ওপৰত ১৯ শতাংশ, শ্ৰীলংকাৰ পৰা ২০ শতাংশ, আফগানিস্তানৰ পৰা ১৫ শতাংশ, ব্ৰাজিলৰ পৰা ১০ শতাংশ আৰু ম্যানমাৰৰ পৰা ৪০ শতাংশ বৰ্দ্ধিত শুল্ক ল’ব আমেৰিকাই। ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্কৰ লগতে জৰিমনাৰ হুংকাৰো দিছে ট্ৰাম্পে। ৰাছিয়াৰ সৈতে ভাৰতৰ বাণিজ্যিক সম্পৰ্কৰ বাবে তেওঁ ক্ষুব্ধ। ৰাছিয়াৰ পৰা খনিজ তেল আৰু অস্ত্ৰ আমদানিৰ বাবে ভাৰতৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপৰ সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সাংবাদিকৰ পেঞ্চন দুগুণলৈ বৃদ্ধি, ৫ লাখ টকাৰ স্বাস্থ্য বীমা: পশ্চিমবংগত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ ডাঙৰ ঘোষণা

পশ্চিমবংগৰ সাংবাদিকসকলৰ বাবে ডাঙৰ সকাহৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শুভেন্দু...

প্ৰশান্ত মহাসাগৰীয় দ্বীপৰ দেশসমূহৰ সৈতে অংশীদাৰিত্ব অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি ভাৰতৰ

ভাৰতে প্ৰশান্ত মহাসাগৰীয় দ্বীপৰ দেশসমূহৰ সৈতে ইয়াৰ অংশীদাৰিত্ব অধিক...

নেপালৰ দুৰ্যোগত সাহায্যৰ বাবে ৫০জনীয়া দলসহ যাবলৈ সাজু মৌলানা বদৰুদ্দিন আজমল

চুবুৰীয়া ৰাষ্ট্ৰ নেপালত সৃষ্টি হোৱা ভয়াৱহ দুৰ্যোগপূৰ্ণ পৰিস্থিতিক লৈ...

উৎসৱৰ বতৰত বাঢ়িব নোৱাৰিব পিয়াঁজৰ দাম: বজাৰ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে আৰম্ভ কৰিলে বিশেষ অভিযান

মূল্যবৃদ্ধি নিয়ন্ত্ৰণ আৰু বজাৰত যোগান সহজলভ্য কৰি ৰখাৰ উদ্দেশ্যে...