১৫ হাজাৰ টকাৰ দৰমহা, ২৪টা ঘৰ, কেইবা লাখ টকাৰ গাড়ী, ৪০ একৰ মাটি, এজন কেৰাণীৰ ৩০ কোটি টকা মূল্যৰ সম্পত্তি!

কৰ্ণাটকৰ এজন প্ৰাক্তন কেৰাণীৰ ঘৰত চলা তালাচী অভিযানে তদন্তকাৰীসকলক স্তম্ভিত কৰি তুলিছে। কালকাপ্পা নিদাগুণ্ডি নামৰ এই কেৰাণীজনৰ ঘৰত তালাচীৰ সময়ত প্ৰচুৰ সম্পত্তি, নগদ ধন আৰু গহনা উদ্ধাৰ হৈছে, যিটো মাহে মাত্ৰ ১৫ হাজাৰ টকা দৰমহাৰ চাকৰিৰে কোনোমতেই সম্ভৱ নহয়। তদন্তকাৰীসকলে জনাইছে যে, কেইবাটাও ঠিকনাত তালাচী চলাই মুঠ ৩০ কোটি টকাৰ সম্পত্তি উদ্ধাৰ কৰা হৈছে।

তদন্তকাৰীসকলৰ মতে, কালকাপ্পাই কৰ্ণাটক ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট লিমিটেড (KRIDL)-ত কাম কৰিছিল। তেওঁৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি আয়ৰ তুলনাত অধিক সম্পত্তিৰ অভিযোগ উঠিছিল। এই অভিযোগৰ ভিত্তিত শুকুৰবাৰে কোপ্পালত তেওঁৰ ঘৰত আৰক্ষীয়ে তালাচী অভিযান চলায়। কেৱল কোপ্পাল নহয়, বেংগালুৰু আৰ্বান, মৈচুৰু, টুমাকুৰু, কালবুৰ্গি আৰু কোদাগু জিলাকে ধৰি মুঠ ৪১টা স্থানত আৰক্ষীয়ে তালাচী অভিযান চলাইছে। এই অভিযান ২৩ জুলাইৰ পৰা আৰম্ভ হৈছে।

শুকুৰবাৰে কালকাপ্পাৰ প্ৰগতি নগৰৰ ঘৰত তালাচী অভিযান আৰম্ভ হয়। এই অভিযানৰ সময়ত তদন্তকাৰীসকলে জানিব পাৰে যে, কালকাপ্পাৰ কেইবাটাও জিলাত মুঠ ২৪টা ঘৰ আছে, যাৰ কেইটামান বিলাসবহুল। ইয়াৰ উপৰি ৪০ একৰ কৃষিভূমি আছে। কালকাপ্পাৰ কেইবাটাও ঠিকনাত তালাচী চলাই ৯০ লাখ টকাৰ গাড়ী উদ্ধাৰ কৰা হৈছে। তদন্তকাৰীসকলে ধাৰণা কৰিছে যে, আৰু অধিক সম্পত্তি পোহৰলৈ আহিব পাৰে। কেইবাটাও দলে ভাগে-ভাগে তালাচী অভিযান চলাইছে আৰু কালকাপ্পাকো জেৰা কৰা হৈছে। জানিব পৰা অনুসৰি, তেওঁৰ বেছিভাগ সম্পত্তি তেওঁৰ পত্নী আৰু ভায়েকৰ নামত আছে।

তদন্তকাৰীসকলে জনাইছে যে, এই তালাচী অভিযানৰ তালিকাত কেৱল কালকাপ্পাই নহয়, বহু আমোলা, চৰকাৰী ইঞ্জিনিয়াৰকো সামৰি লোৱা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালৰ দুৰ্যোগত সাহায্যৰ বাবে ৫০জনীয়া দলসহ যাবলৈ সাজু মৌলানা বদৰুদ্দিন আজমল

চুবুৰীয়া ৰাষ্ট্ৰ নেপালত সৃষ্টি হোৱা ভয়াৱহ দুৰ্যোগপূৰ্ণ পৰিস্থিতিক লৈ...

উৎসৱৰ বতৰত বাঢ়িব নোৱাৰিব পিয়াঁজৰ দাম: বজাৰ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে আৰম্ভ কৰিলে বিশেষ অভিযান

মূল্যবৃদ্ধি নিয়ন্ত্ৰণ আৰু বজাৰত যোগান সহজলভ্য কৰি ৰখাৰ উদ্দেশ্যে...

লক্ষ্য পূৰণ নকৰাকৈ ইউক্ৰেইন যুদ্ধ অন্ত পেলালে ‘মোক ফাঁচী দিব’- পুটিনৰ ভয় ?

ৰাছিয়া-ইউক্ৰেইন যুদ্ধক লৈ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনৰ ভৱিষ্যৎক লৈ চাঞ্চল্যকৰ...

১৫ বছৰৰ পাছত টিম কুকৰ বিদায়, Appleৰ নতুন CEO কোন হ’ব?

প্ৰযুক্তি জগতৰ অন্যতম বৃহৎ প্ৰতিষ্ঠান Appleত আহিছে এক গুৰুত্বপূৰ্ণ...