দক্ষিণ এছিয়াৰ দেশসমূহৰ ভিতৰত ট্ৰাম্পে পাকিস্তানৰ ওপৰত আৰোপ কৰিলে সৰ্বনিম্ন শুল্ক!

দক্ষিণ এছিয়াৰ দেশসমূহৰ ভিতৰত পাকিস্তানৰ ওপৰত আমেৰিকাই সৰ্বনিম্ন পাৰস্পৰিক শুল্ক আৰোপ কৰিছে। ২ এপ্ৰিলৰ ঘোষণাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পাকিস্তানৰ পণ্যৰ ওপৰত ২৯ শতাংশ শুল্ক আৰোপৰ কথা জনাইছিল। কিন্তু বৃহস্পতিবাৰে তেওঁ নতুন শুল্কৰ হাৰ সম্বলিত নিৰ্দেশনামাত স্বাক্ষৰ কৰি পাকিস্তানৰ ওপৰত শুল্কৰ হাৰ হ্ৰাস কৰি ১৯ শতাংশ কৰিছে।

বুধবাৰে ট্ৰাম্পে জনাইছিল যে ‘বন্ধু’ ভাৰতৰ পণ্যৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰা হ’ব। মালয়েছিয়া, ইণ্ডোনেছিয়া, কম্বোডিয়া, আৰু থাইলেণ্ডৰ পণ্যৰ ওপৰত ১৯ শতাংশ পাৰস্পৰিক শুল্ক ধাৰ্য কৰিছে আমেৰিকাই। বাংলাদেশ, শ্ৰীলংকা, টাইৱান, আৰু ভিয়েটনামৰ ওপৰত ২০ শতাংশ শুল্ক প্ৰযোজ্য হৈছে। এই হিচাপে ভাৰতীয় উপ-মহাদেশৰ কথা বাদ দিলেও সমগ্ৰ দক্ষিণ এছিয়াত ইছলামাবাদৰ ওপৰত সৰ্বনিম্ন শুল্ক ধাৰ্য হৈছে। অৱশ্যে, চীনৰ সৈতে বাণিজ্যিক বৈঠকৰ পিছত তেওঁলোকৰ পণ্যৰ ওপৰত কিমান শতাংশ শুল্ক আৰোপ কৰা হ’ব, সেয়া এতিয়াও স্পষ্ট নহয়।

নতুন শুল্কৰ হাৰ ঘোষণাৰ পিছত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ছ’চিয়েল মিডিয়াৰ এটা পোষ্টত লিখিছে, “ৰাষ্ট্ৰপতি ট্ৰাম্পক আন্তৰিক ধন্যবাদ।” বুধবাৰে ভাৰতৰ পণ্যৰ ওপৰত ২৫ শতাংশ শুল্ক ঘোষণাৰ পিছত ট্ৰাম্পে পাকিস্তানৰ সৈতে এখন বাণিজ্য চুক্তি সম্পন্ন কৰাৰ কথা ঘোষণা কৰে। ছ’চিয়েল মিডিয়াত তেওঁ জনাইছে যে, পাকিস্তানৰ বিশাল তেল ভাণ্ডাৰৰ উন্নতিৰ বাবে ৱাশ্বিংটন আৰু ইছলামাবাদে যৌথভাৱে কাম কৰিব। ট্ৰাম্পে ভৱিষ্যদ্বাণী কৰিছে যে, পাকিস্তানে এদিন ভাৰতকো তেল বিক্ৰী কৰিব পাৰে। তেওঁৰ পোষ্টত তেওঁ উল্লেখ কৰিছে যে, এই বুজাপৰাৰ ক্ষেত্ৰত কোনটো তেল উত্তোলনকাৰী সংস্থাই নেতৃত্ব দিব, সেয়া তেওঁৰ প্ৰশাসনে স্থিৰ কৰিব। কিন্তু পাকিস্তানত বিশাল তেল ভাণ্ডাৰ আছে বুলি ট্ৰাম্পৰ দাবীৰ কোনো প্ৰমাণ এতিয়ালৈ পোৱা নাই।

পাকিস্তানে এই বিষয়টোক আমেৰিকাৰ সৈতে সম্পৰ্ক ‘মসৃণ’ কৰাৰ এটা উপায় হিচাপে চাইছে। বৃহস্পতিবাৰে নিশা পাকিস্তানৰ অৰ্থ মন্ত্ৰণালয়ৰ তৰফৰ পৰা জাৰি কৰা এটা বিবৃতিত কোৱা হৈছে, “এই চুক্তিয়ে শক্তি, খনিজ, তথ্যপ্ৰযুক্তি, আৰু ক্ৰিপ্টোকাৰেন্সিৰ ক্ষেত্ৰত (আমেৰিকাৰ সৈতে) অৰ্থনৈতিক সহযোগিতাৰ নতুন যুগৰ সূচনা কৰিছে।” মাৰ্কিন সংবাদমাধ্যম চি এন এনৰ প্ৰতিবেদনত কোৱা হৈছে যে, পাকিস্তানৰ উৎপাদিত ৰেডিমেড পোচাকৰ অন্যতম ডাঙৰ বজাৰ হৈছে আমেৰিকা। এতিয়ালৈকে এই ক্ষেত্ৰত পাকিস্তানে প্ৰতিবেশী ভাৰত আৰু বাংলাদেশৰ সৈতে তীব্ৰ প্ৰতিযোগিতাৰ সন্মুখীন হৈছিল। কিন্তু ভাৰত আৰু বাংলাদেশৰ তুলনাত পাকিস্তানৰ ওপৰত কম মাৰ্কিন শুল্ক আৰোপৰ ফলত এইবাৰ ইছলামাবাদ প্ৰতিযোগিতাত আগবাঢ়ি থাকিব বুলি আশা কৰিছে। ঘটনাক্ৰমে, বৃহস্পতিবাৰে পাকিস্তানে বিদেশী ডিজিটেল পৰিসেৱাৰ ওপৰত আৰোপিত ৫ শতাংশ কৰ প্ৰত্যাহাৰৰ কথা ঘোষণা কৰে। বহুতে ধাৰণা কৰে যে, এই কৰ প্ৰত্যাহাৰৰ জৰিয়তে পাকিস্তানে আচলতে ৱাশ্বিংটনক বাৰ্তা দিছিল। তাৰ পিছতেই হোৱাইট হাউছে পাকিস্তানৰ ওপৰত ১৯ শতাংশ শুল্ক আৰোপৰ কথা ঘোষণা কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড়ৰ ডনবস্কো’ স্কুলত ১২ ছাত্ৰৰ আঘাতৰ ঘটনা, আৰম্ভ তদন্ত

ডিব্ৰুগড়ৰ ডনবস্কো' এইচ এছ স্কুলত সংঘটিত এক উদ্বেগজনক ঘটনাক...

UGC NET-ত উজলিল মৰিয়নীৰ নাংমু বুঢ়াগোহাঁই

জীৱনৰ কঠিন পৰিস্থিতিকো হেলাৰঙে নেওচি UGC NET ২০২৬ পৰীক্ষাত...

“মাছৰ টেঙা…বহুত সুস্বাদু”: অসমৰ খাদ্যৰ প্ৰশংসাত সুনীল গাভাস্কাৰ গাভাস্কাৰ

অসমলৈ আহিলে কি খাব লাগে? এই প্ৰশ্নৰ উত্তৰত কোনো...

BRICS সন্মিলনত অংশ ল’বলৈ ভাৰতলৈ আহিব চীনা ৰাষ্ট্ৰপতি শ্বী জিনপিঙ

চীনা ৰাষ্ট্ৰপতি সকলো জল্পনা-কল্পনাৰ অন্তঃ BRICS সন্মিলনত অংশ ল’বলৈ...