UPLAৰ ৮বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ সমাপ্তি

পৰিসমাপ্তি ঘটিল UPLAৰ ৮বছৰীয়া সশস্ত্ৰ সংগ্ৰামৰ। বোকাজানৰ বালিপথাৰৰ এক ভিতৰুৱা অঞ্চলত থকা সংগঠনটোৰ শিবিৰত এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে UPLAৰ শীৰ্ষ নেতাসকলে। ৬টাকৈ উগ্ৰপন্থী সংগঠনেৰে হোৱা কাৰ্বি চুক্তিৰ পিছত বোকাজানত থকা UPLAৰ এই মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় সংগঠনটোৰ এই সংবাদমেল। সংবাদমেলত উপস্থিত থাকে সভাপতি, সম্পাদক, মুখ্য সেনাধ্যক্ষ, বৈদেশিক সচিবকে ধৰি UPLAৰ আন শাৰ্ষ নেতাসকল। যোৱা ৪ ছেপ্টেম্বৰত কাৰ্বি আংলঙৰ ৬টা উগ্ৰপন্থী সংগঠনে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দিল্লীত এক শান্তি চুক্তিত স্বাক্ষৰ কৰি মূল সূঁতিলৈ উভতি আহে। কাৰ্বি আংলঙক সুকীয়া স্বায়ত্ব শাসিত ৰাজ্যৰ লগতে আন কেইবাটাও দাবীক লৈ ২০১৩ৰ ২ ফেব্ৰুৱাৰীত কাৰ্বি পাহাৰত আত্মপ্ৰকাশ ঘটিছিল UPLAৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...