আশ্ৰয় বিচাৰি ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন ইউক্ৰেইনৰ সুন্দৰী!

ইউক্রেইনৰ সুন্দৰী লৈ এই প্ৰস্তাৱ ব্ৰিটেইনৰ এগৰাকী প্ৰবাসীৰ।

মই আশ্ৰয় দিবলৈ হ’লে মোৰ সৈতে নৈশযাপন কৰিব লাগিব। মোৰ সৈতে থাকিলেহে আশ্ৰয় পাবা। ৰাছিয়াই তচনচ কৰা ইউক্ৰেইনৰ অকথিত অধ্যায়!

” আপুনি যদি এটা ঘৰ বিচাৰে, তেন্তে মোৰ সন্তানৰ মাতৃ হোৱা। “ইউক্ৰেইনৰ সুন্দৰীয়ে আশ্ৰয় বিচাৰি ভয়ংকৰ, আজৱ, অবাস্তৱ প্ৰস্তাৱৰ সন্মুখীন হ’ব লগা হৈছিল। ইউক্ৰেইনৰ এগৰাকী সুন্দৰী যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা সুৰক্ষিত আশ্ৰয়ৰ সন্ধানত ব্ৰিটেইনত উপস্থিত হৈছিল। তেতিয়াই বিদেশত আশ্ৰয় বিচাৰোঁতে এনে ধৰণৰ প্ৰস্তাৱৰ সন্মুখীন হৈছিল।

এগৰাকী শৰণাৰ্থীয়ে ব্ৰিটেইনত উপস্থিত হোৱাৰ সময়ত আশ্ৰয়ৰ সন্ধানত ছচিয়েল মিডিয়াত এটা পোষ্ট কৰিছিল। ইউক্ৰেইনৰ ৩০ বছৰীয়া জুলিয়া স্কুবাঙ্ক। আৰু সেই পোষ্টটোৰ মন্তব্যত, জুলিয়াই পুৰুষসকলৰ পৰা এনে প্ৰস্তাৱৰ সন্মুখীন হৈছিল। ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ পিছৰে পৰা মহিলা আৰু শিশুসকল অসহায় হৈ পৰিছে। ৰাছিয়াৰ সৈন্যসকলৰ বিৰুদ্ধে মহিলা আৰু শিশুৰ ওপৰত অত্যাচাৰৰ অভিযোগ উত্থাপিত হৈছে। অধিকাংশই ভয়ত দেশৰ পৰা পলায়ন কৰিছে।

এইটোও অভিযোগ কৰা হৈছে যে ৰাছিয়াৰ সেনাই মহিলাৰ লগতে নাবালিকাসকলক নিৰ্যাতন কৰি আহিছে। ইউক্ৰেইনৰ সংসদৰ সদস্য লেচিয়া ভাচিলেনে সোমবাৰে টুইটাৰত একেটা অভিযোগ উত্থাপন কৰিছিল। তেওঁ মহিলাসকলক ধৰ্ষণৰ আগতে তেওঁলোকৰ ওপৰত মানসিক অত্যাচাৰ হোৱাৰ অভিযোগ উত্থাপন কৰিছে। লেচিয়া ভাচিলেনে লিখিছিল, “ৰাছিয়াৰ সেনাই লুণ্ঠন, ধৰ্ষণ আৰু হত্যা কৰি আছে। মহিলাসকলক তেওঁলোকৰ ওপৰত মানসিক অত্যাচাৰ চলাই ধৰ্ষণ কৰি আহিছে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...