বৃটেইনৰ এহাল পতি-পত্নীয়ে উচ্চতাৰ পাৰ্থক্যৰে গঢ়িলে নতুন ৰেকৰ্ড

প্ৰেম-ভালপোৱা হৈছে এক সৰগীয় অনুভুতি। ভালপোৱাই আমাক শিকাই থৈ যায় বহুতো নতুন কথা। ভালপোৱাত নাথাকে কোনো ধৰণৰ সীমা, প্ৰেমে নামানে বান্ধোন।গম নোপোৱাকৈ কেতিয়া কোন ব্যক্তিৰ লগত প্ৰেম হৈ যায় সেয়া কোনোৱে নাজানে।
এই কথা পুনৰ এবাৰ সত্য প্ৰমানিত কৰিলে বৃটেইনৰ এহাল পতি-পত্নীয়ে। জেমছ আৰু ক্লোই নামৰ এহাল প্ৰেমিকে ২০১৬ চনতেই বিবাহ পাশত আৱদ্ধ হৈছিল। জেমছ আৰু ক্লোই একেখন চহৰৰেই নিবাসী। জেমছ আৰু ক্লোইক তেওঁলোকৰ প্ৰথম লগপোৱাৰ কথা সোধাত তেওঁলোকে নিজৰ হাহি ৰখাব নোৱাৰিলে।
জেমছ পেচাত এজন অভিনেতা আনহাতে তেওঁৰ পত্নী এগৰাকী শিক্ষয়ত্ৰী হিচাপে কৰ্মৰত।
পতি-পত্নীহালে ২০২১ বৰ্ষত একেলগে বিশ্বৰ ভিতৰতেই বিবাহিত যোৰাৰ মাজত থকা উচ্চতাৰ পাৰ্থক্য (The greatest differential of a married couple, different sexes/taller woman)ৰ নতুন ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল।
জেমছৰ উচ্চতা মাথোন ১০৯.৩ ছে.মি (৩ ফুট ৭ ইঞ্চি) হোৱাৰ বিপৰীতে জেমছৰ পত্নী ক্লোইৰ উচ্চতা ১৬৬.১ ছে.মি (৫ ফুট ৫.৪ ইঞ্চি)। এই পতি-পত্নীহালৰ মাজত থকা উচ্চতাৰ পাৰ্থক্য হৈছে ৫৬.৮ছে.মি, অৰ্থাৎ প্ৰায় ২ ফুট। জেমছ আৰু ক্লোইৰ মাজত উচ্চতাৰ বৃহত পাৰ্থক্য আছে যদিও এই পাৰ্থক্যই তেওঁলোকৰ মাজত থকা মৰমক কেতিয়াও বাধা দিব নোৱাৰিলে। জেমচে তেওঁৰ উচ্চতাৰ বাবে মাজে সময়ে অলপ অস্বস্তি অনুভৱ কৰে যদিও তেওঁ আন সকলোৰে দৰেই কাম কৰিব পাৰে, মাত্ৰ অলপ ব্যতিক্ৰমী ধৰণে বুলি উল্লেখ কৰিলে।
জেমছে জনোৱা মতে তেওঁ এক বিশেষ ধৰণৰ জেনেটিক ডিছঅৰ্ডাৰৰ দ্বাৰা আক্ৰান্ত। ডিয়েষ্ট্ৰোফিক ডায়েচ্প্লাছিয়া নামৰ এই জেনেটিক ৰোগে হাড় আৰু কাৰ্টাইলেজ বৃদ্ধিত প্ৰভাৱ পেলাই যাৰ বাবে জেমচৰ উচ্চতা ১০৯.৩ ছে.মি বুলি উল্লেখ কৰিলে অভিনেতাগৰাকীয়ে। জেমছ আৰু ক্লোইৰ প্ৰেমকাহিনী ইতিমধ্যে চৰ্চিত হৈছে সামাজিক মাধ্যমত। দুয়োৰে এই প্ৰেমক বহুজনে ৰূপ দিছে অমৰ প্ৰেমৰ, সঁচা অনুভূতিৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...