NK IMPACT | টংলাত উচ্ছেদিত বগলীকেইটাৰ নতুন ঠিকনা হ’ব কাজিৰঙা

গুৱাহাটী, ২৫ জুন, NKTV: জীৱশ্ৰেষ্ঠৰ চৰম স্বাৰ্থপৰতাৰ বলি হোৱা টংলাৰ দূৰ্ভগীয়া বগলী কেইটাৰ নতুন ঠিকনা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। NK TVৰ ধাৰাবাহিক বাতৰিৰ পিছতে মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হ’ল টংলাৰ আশ্ৰয়হীন বগলীৰ বিষয়টো। ইয়াৰ পিছতেই ঘটনাস্থলীত উপস্থিত হ’ল Wildlife Trust of India (WTI)ৰ এটা প্ৰতিনিধি দল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে কাজিৰঙাত সংস্থাপন কৰা হ’ব আশ্ৰয়হীন শতাধিক বগলী পোৱালীক। উল্লেখ্য যে, কৰ’না মহামাৰী বিয়পাৰ আশংকাত বগলীৰ বাহ থকা বহু বাঁহ গছ কাটি বগৰালে টংলা পৌৰসভাই। বগলীৰ বিষ্ঠাই চৌপাশে দূৰ্গন্ধৰ সৃষ্টি কৰাৰ অভিযোগ তুলি বাঁহ গছত আশ্ৰয় লোৱা শ শ বগলীক আশ্ৰয়হীন কৰিলে টংলা পৌৰসভাই। পৌৰসভাৰ এই অবিবেচক কাণ্ডৰ বাবে বাহত থকা শতাধিক কণ কণ পোৱালিৰ থিতাতে মৃত্যু হৈছিল। এদিনীয়া-দুদিনীয়া চৰাইৰ পোৱালিৰে ভৰি আছিল বাহবোৰ।

এক নিৰ্দেশনাযোগে টংলা পৌৰসভাৰ কাৰ্যবাহী বিষয়াই পৌৰ সভাখনৰ অন্তৰ্গত ৫জন ব্যক্তিৰ বাৰীত থকা বাঁহ গছ সমূহ কাটি পেলাবলৈ জাননী জাৰি কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘এই স্বৰ্ণ ৰাইজৰ আশীৰ্বাদৰ ফল…’ স্বগৃহলৈ উভতি আবেগিক লাভলীনা

এছিয়ান গেমছত স্বৰ্ণ জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা...

চকুৰে নেদেখিলেও হাতৰ পৰশত প্ৰাণ পায় বাঁহ-বেতে; ৫১ বছৰ ধৰি বাঁহ-বেতৰ শিল্পৰ মাজেৰে জীৱন যুঁজ ৬৭ বছৰীয়া কুশল ফুকনৰ

দুয়োটা চকুৰে নেদেখে তেওঁ। স্কুলীৰ দিনতে দুৰ্ভাগ্যজনকভাৱে হেৰুৱাইছিল দৃষ্টিশক্তি।...

পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় নানা পাটেকৰক; পুনেত বিয়লি ৪ বজাত সম্পন্ন হ’ব শেষকৃত্য

প্ৰবীণ অভিনেতা নানা পাটেকৰৰ শেষকৃত্য আজি পুনেৰ ডোঞ্জে অঞ্চলত...