প্ৰেয়সী দুগৰাকী; প্ৰেমিক এজন…কাক বিয়া কৰাব? কৰিলে TOSS

কৰ্ণাটকৰ এখন গাওঁ পঞ্চায়তে এটা প্ৰেম সংক্ৰান্তীয় বিষয়ৰ চূড়ান্ত ৰায় নিৰ্ণয় কৰিবলৈ টছ কৰাৰ সিদ্ধান্ত ল’লে। ঘটনাটো কৰ্ণাটকৰ হাছান জিলাৰ ছক্লেশপুৰ তালুকৰ বুলি জানিব পৰা গৈছে। ছক্লেশপুৰৰ এখন গাঁৱৰ এজন ২৭ বছৰীয়া যুৱকে যোৱা বছৰ চুবুৰীয়া গাঁৱৰ এগৰাকী ২০ বছৰীয়া যুৱতীক লগ পাইছিল। ইয়াৰ পিছতে তেওঁলোক দুয়োজনে নিয়মীয়াকৈ ইজনে-সিজনক লগ ধৰিবলৈ আৰম্ভ কৰিছিল। প্ৰায় ছয় মাহ পূৰ্বে, যুৱকজনে আন এগৰাকী যুৱতীৰ লগতো ঘনিষ্ঠ হৈ পৰিছিল। দুয়ো গৰাকী  যুৱতীয়ে প্ৰেমৰ বান্ধোনত প্ৰৱেশ কৰাৰ পূৰ্বে জনা নাছিল যে দুয়োগৰাকী যুৱতীক ২৭ বছৰীয়া সেই যুৱকজনে প্ৰতাৰণা কৰিছিল।

এদিন, যুৱকজনৰ এজন আত্মীয়ই তেওঁক এগৰাকী যুৱতীৰ সৈতে দেখিছিল আৰু তেওঁৰ পৰিয়ালক অৱগত কৰিছিল। যেতিয়া পৰিয়ালটোৱে তেওঁৰ মুখামুখি হৈছিল, যুৱকজনে কৈছিল যে তেওঁ সেই ছোৱালীজনীক ভাল পায় আৰু তাইক বিয়া কৰাব বিচাৰে। অৱশ্যে,  তেওঁৰ পৰিয়ালে তেওঁলোকৰ মিলনৰ বিৰোধী আছিল আৰু তেওঁৰ বাবে আন এগৰাকী কইনা বিচাৰি উলিয়াবলৈ সিদ্ধান্ত লৈছিল। অৱশ্যে, এগৰাকী প্ৰেমিকাই তেওঁৰ পৰিয়ালৰ সিদ্ধান্তৰ বিষয়ে জানিব পাৰিছিল আৰু তাইৰ পৰিয়ালক তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে কৈছিল। ছোৱালীজনীৰ পৰিয়ালে তেতিয়া যুৱকজনৰ ঘৰলৈ গৈছিল আৰু তেওঁলোকক সম্পৰ্কৰ বিষয়ে কৈছিল। ইয়াৰ মাজতে,  আন গৰাকী প্ৰেমিকায়ো যুৱকজনৰ বিবাহ সন্দৰ্ভত চলি থকা কথা-বতৰাৰ বিষয়ে জানিছিল আৰু তাইৰ পৰিয়ালৰ লোকক যুৱক জনৰ ঘৰলৈ পঠিয়াই তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে অৱগত কৰে।

দুয়োফালৰ পৰা দুটা প্ৰস্তাৱ লাভ কৰি যুৱকজনৰ পৰিয়ালটো বিমোৰত পৰিল। পৰিয়ালে কি কৰিব লাগে একো সিদ্ধান্ত ল’ব নোৱাৰিলে, ইফালে  গাঁওখনত যুৱকজনৰ প্ৰেম কাহিনী বিয়পি পৰিছিল আৰু এই বিষয়ে এমাহ পূৰ্বে পঞ্চায়তক মিমাংসাৰ বাবে অৱগত কৰোৱা হ’ল। যেতিয়া যুৱকজনক সোধা হৈছিল যে, তেওঁ কাক বিয়া কৰিব বিচাৰে,  তেতিয়া দুয়োজনী যুৱতীয়ে তেওঁৰ পত্নী হ’বলৈ যুক্তি আগবঢ়াইছিল। আশ্চৰ্যজনকভাৱে, যুৱকজনে কিন্তু একো কোৱা নাছিল।

আৰু অৱশেষত প্ৰতাৰিত অনুভৱ কৰি, প্ৰথম প্ৰেয়সী গৰাকীয়ে বিহ খাই আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল। অৱশ্যে, সৌভাগ্যক্ৰমে  তাই ৰক্ষা পৰিছিল। প্ৰেম প্ৰসংগত ন্যায় প্ৰদানৰ উদ্দেশ্যে শুকুৰবাৰে আন এখন পঞ্চায়ত সভা আহ্বান কৰা হৈছিল। যুৱকজনৰ পৰিয়াল আৰু দুয়ো গৰাকী প্ৰেয়সীয়ে পঞ্চায়তৰ সিদ্ধান্ত চূড়ান্ত হ’ব বুলি এক চুক্তি স্বাক্ষৰ কৰিছিল। সিদ্ধান্তটো তেওঁলোকৰ পক্ষত নহ’লে তিনিওটা পক্ষৰ কোনোৱেই আৰক্ষী, আদালত বা সংবাদ মাধ্যমৰ ওচৰলৈ নাযাব। তেতিয়া পঞ্চায়তে সিদ্ধান্ত ল’লে যে, পঞ্চায়তে কোনজনী যুৱতীয়ে যুৱকজনক বিয়া কৰাব সেই সিদ্ধান্ত ল’বলৈ এটা মুদ্ৰা টছ কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জীমত ভয়ংকৰ কাণ্ড, শতাধিক মহিলা-যুৱতীৰ আপত্তিজনক ভিডিঅ’ প্রস্তুত

জীমলৈ যোৱা যুৱতী-মহিলাৰ আপত্তিজন ভিডিঅ’ প্ৰস্তুত। ব্লেকমেইলিঙেৰে বহু মহিলাৰ...

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...