৯ ছেপ্টেম্বৰত কিষাণ সংঘৰ ৰাজ্যজুৰি ধৰ্ণা কাৰ্যসূচী

উৎপাদিত শস্যৰ উচিত বজাৰ মূল্যৰ দাবীত ভাৰতীয় কিষাণ সংঘই দীর্ঘদিন ধৰি মাত মাতি আহিছে। দেখা যায় যে শস্যৰ উৎপাদন খৰছ (Cost of production) যেনে: বনুৱা, সাৰ, পানী, পৰিবহণ আদিত হােৱা খৰছতকৈ উৎপাদিত ফচলৰ বজাৰ মূল্য বহুসময়ত নিম্নতম হােৱা দেখা যায়। কৃষি আইন, ২০২০ৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে কৃষকৰ আর্থিক উন্নয়নৰ দৃষ্টিৰে যি পৰিৱৰ্তন আনিব বিচাৰিছে তাক কিষাণ সংঘই আদৰণি জনায় যদিও তাত কিছু আধাৰকৃত সংশােধনৰ লগতে কৃষকৰ উৎপাদিত ফচলৰ উচিত বজাৰ মূল্য নিশ্চিতি প্রদানৰ দাবীত কিষাণ সংঘই প্ৰথমৰ পৰাই মাত মাতি আহিছে। চৰকাৰে লাভজনক বজাৰ মূল্যৰ সুৰক্ষা দিয়াতো দূৰৰে নূন্যতম সমর্থন মূল্যত কি ফচল ক্ৰয়ৰ বাবে ধার্য কৰিছে, অধিক সংখ্যক কৃষক বঞ্চিত হােৱা দেখা গৈছে। তাৰােপৰি ব্যৱস্থাটোৰ আসােঁৱাহ সর্বজনবিদিত। কৃষিকৰ্মত ব্যৱহৃত সামগ্ৰীৰ যেনে: সাৰ, বীজ, বিজুলী, পানী আদিৰ খৰছ দিনক দিনে বৃদ্ধি পাই আহিছে, সেই অনুপাতে চৰকাৰী ধার্য নিৰিখৰ (MSP) ব্যৱস্থিত কাৰ্যকৰী বা সমীক্ষা হােৱা দেখা নাযায়, সেয়ে কিষাণ সংঘই নূন্যতম সমর্থন মূল্যৰ পৰিৱৰ্তে উচিত লাভজনক বজাৰ মূল্যত (Cost of production based remuneration price) নিশ্চিতি প্রদান কৰিবলৈ চৰকাৰক দাবী জনায়, এই সম্বলিত এখন স্মাৰক পত্ৰ কিষাণ সংঘই যােৱা ১১ আগষ্ট তাৰিখে ভাৰতবৰ্ষৰ প্রধানমন্ত্রীলৈ প্ৰেৰণ কৰে কিন্তু আজিকোপতি প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা এই পত্ৰৰ কোনাে উত্তৰ নাহিল। সেয়েহে, অহা ৮ ছেপ্টেম্বৰ তাৰিখে কিষাণ সংঘই সমগ্র দেশজুৰি প্রতিবাদ সাব্যস্ত কৰিব। অসমত অহা ৯ ছেপ্টেম্বৰ তাৰিখে কিষাণ সংঘই কৃষকৰ ফচলৰ উচিত বজাৰ মূল্যৰ দাবীত তথা ব্যৱস্থিত সু-শৃংখলিত আদর্শ বজাৰ ব্যৱস্থাৰ সৃষ্টি কৰাৰ দাবীত অসমতাে প্রতিবাদী কাৰ্য্যসূচী গ্রহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে সাপ্তাহিক বজাৰ ব্যৱস্থাৰ উন্নীতকৰণৰ দাবীত ২০১৯-২০ বৰ্ষত ২০০০ কোটি টকা ধার্য কৰিছিল। কিষাণ সংঘই অসম চৰকাৰক এই পুঁজিৰ জৰিয়তে অসমৰ সাপ্তাহিক বজাৰৰ স্থানীয় কৃষকৰ বাবে উপযােগী হােৱাকৈ উন্নীত কৰিবলৈ অনুৰােধ জনায়।

ইউৰিয়া সাৰৰ ক্ষেত্ৰত হােৱা ভয়াৱহ ছিণ্ডিকেট-দুর্নীতি নির্মূলৰ ক্ষেত্ৰত ৰাজ্যৰ কৃষি বিভাগে শেহতীয়াকৈ যি পদক্ষেপ সময়োপযােগী কঠোৰ পদক্ষেপ গ্রহণ কৰিছে তাক কিষাণ সংঘ, অসম প্রদেশে আদৰণি জনাইছে, একে সময়তে কৃষক ৰাইজে খেতিৰ সময়মতে সুলভ মূল্যত বা ৰাজসাহায্যত কোনাে অসুবিধা নোহােৱাকৈ সাৰ পাব পাৰে তাৰ বাবে কিষাণ সংঘই চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী জনাইছে। সাৰৰ ৰাজসাহায্যৰ লগতে ব্যৱসায় আদিৰ ক্ষেত্ৰটো স্থানীয় কৃষক তথা সামাজিক দায়বদ্ধ যােগ্য ব্যক্তিকে স্ব-নিয়ােজনৰ পথ মুকলি কৰিব পাৰে, তাৰ বাবেও চৰকাৰে পদক্ষেপ গ্রহণ কৰিব লাগে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...