গুৱাহাটীত নিশা দুটাকৈ পথ দুৰ্ঘটনা, আহত কেইবাজনো

জু-ৰোডৰ শ্ৰদ্ধাঞ্জলি উৰণ সেতুত দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। নিশা প্ৰায় ১ মান বজাত AS 01EH 4665 বাহনে সংঘটিত কৰে দুৰ্ঘটনা। বাহনখনত সুৰাৰ ৰাগীত মাতাল হৈ আহিছিল এহাল যুৱক-যুৱতী। নিশা উৰণ সেতুৰ ওপৰত দুৰ্গা পূজা উপলক্ষে লগাই থকা হৈছিল লাইট। গাড়ীখনে মহতিয়াই নিয়ে এখন স্কুটীসহ শ্ৰমিকৰ YODHA বাহন। মহিন্দ্ৰা XUV গাড়ীত আহিছিল মাতাল যুৱক-যুৱতীহাল। দুৰ্ঘটনাৰ পিছতে চাৰিচকীয়া বাহনখনৰ ভিতৰত পোৱা যায় কেইবাটাও সুৰাৰ বটল। ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় স্কুটী চালক। আহত মহিন্দ্ৰা XUVত অহা মাতাল যুৱক-যুৱতীহালো। আটাইকে তাৎক্ষণিকভাৱে ভৰ্তি কৰোৱা হয় GMCHত। দৈনিক সুৰাপায়ী চালকৰ বিৰুদ্ধে চলি আছে আৰক্ষীৰ অভিযান। তাৰ পিছতো যেন গা নলৰে একাংশ উদণ্ড চালকৰ। যাৰ বাবে নিশাৰ ভাগত মহানগৰীত সংঘটিত হয় ইটোৰ পিছত সিটো দুৰ্ঘটনা।

আনফালে গুৱাহাটীৰ গণেশ মন্দিৰৰ সমীপতো নিশা ভয়ংকৰ দুৰ্ঘটনা। বাইক আৰু ছুইফট ডিজায়াৰ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাইক আৰোহী যুৱক আৰু এগৰাকী যুৱতী। গণেশগুৰিৰ দিশৰ পৰা আহিছিল AS 01FT 1082 নম্বৰৰ বাইকখন। আনফালে হাতীগাঁৱৰ দিশৰ পৰা আহিছিল ছুইফট ডিজায়াৰ বাহনখন। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই পলায়ন কৰে ছুইফট ডিজায়াৰ বাহনখনে। পৰৱৰ্তী সময়ত পথচাৰীৰ তৎপৰতাত আহত যুৱক-যুৱতীদ্বয়ক প্ৰেৰণ কৰা হয় চিকিৎসালয়লৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...