দুখনকৈ ঠাইত একেদিনাই সংঘটিত হোৱা দুটা মাৰপিটৰ ঘটনা

ৰাজ্যৰ এনে কিছু ঠাই আছে, যিসমূহ ঠাইৰ পৰা সংবাদমাধ্যমলৈ প্ৰায়ে আহে মাৰপিটৰ ঘটনাৰ খবৰ। কেতিয়াবা যদি ভূমিকেন্দ্ৰিক ঘটনা, কেতিয়াবা দুই ফৈদৰ মাজত তয়াময়া ৰণ। আজি আপোনাক জনাম, তেনে দুই মাৰপিটৰ খবৰৰ বিষয়ে।

ঘটনা গোৱালপাৰা ধূপধৰা আৰু মানিকপুৰৰ। গোৱালপাৰা জিলাৰ ধূপধৰাৰ চেলাবড়ীত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট। হাতে হাতে দা, জাঠি-জোং লৈ আক্ৰমণ কৰে এটা ফৈদে আন এটা ফৈদক। কোনোৱে হাতত লাঠি লৈ কোব মাৰিছে আন এজনৰ পিঠিত। কোনোজনে খেদি গৈছে পিতনিৰ মাজে মাজে। কোনোজনে আকৌ দৌৰা-দৌৰিৰ মাজতে কৰ্ফাল খাই পৰিছে বাটত। ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিত্সাধীন হৈ আছে চাৰিজন। এডোখৰ মাটিক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত সংঘটিত হৈছিল এই কাণ্ড। পৈতৃক সম্পত্তি হিচাপে ভূমিখিনিৰ বিবাদ চলি থকাৰ মাজতে সম্পৰ্কীয় দুই ফৈদৰ মাজত এই ঘটনা। পিছত ঘটনাস্থলীত উপস্থিত হয় ধূপধৰা আৰক্ষী। উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় আহতক। আঘাতপ্ৰাপ্ত লোকসকল ক্ৰমে ছমিৰুল ইছলাম, শহিনুৰ ইছলাম, দিলৱাৰ হুছেইন আৰু ৰাজনুৰ ইছলাম। আনহাতে মাৰপিটৰ ঘটনাত জড়িত আন এটা ফৈদৰ তিনিজন লোক বাইকেৰে পদূপাৰা বজাৰৰ ফালে গৈ থকা অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুটাঁত প্ৰচণ্ড জোৰত খুন্দা মাৰে, আৰু বাইক চালকৰ লগতে আন দুগৰাকী আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।

বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নোৱাগাঁৱত এদল পুৰুষ মহিলাৰ আক্ৰমণ। হাতত গছৰ মূঢ়া পৰ্যন্ত লৈ আক্ৰমণৰ বাবে উদ্যত মহিলা। মিনাৰুল ইছলাম নামৰ যুৱকজনক নোৱাগাওঁ চৰৰ এদল পুৰুষ – মহিলাই প্ৰথমতে মাৰপিট কৰে। মিনাৰুল ইছলামক মাৰপিট কৰা বুলি তেওঁৰ ককায়েক আবুল কালাম আজাদে খবৰ পোৱাত ঘটনাস্থলীত উপস্থিত হয়। লগে লগে আবুল কালাম আজাদকো সেই চৰৰ পুৰুষ-মহিলাই হাতে হাতে লাঠি লৈ আক্ৰমণ কৰে। ফলত দুয়োজন গুৰুতৰভাবে আহত হয়। পিছত মাণিকপুৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুয়োকে চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। ঘটনা সংক্ৰান্তত আবুল কালাম আজাদৰ সহধৰ্মিনী শ্বেলিমা আকতাৰে ১১ জন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। দুই ভাই ককায়েকক মাৰপিট কৰা আটাইকেইজনক দৃষ্টান্তমূলক শাস্তি দিবলৈ আৰক্ষীক আহ্বান জনাইছে।

এনেকৈয়ে ঠাইসমূহত প্ৰায়ে মাৰপিট চলে। শিক্ষাৰ এচেৰেঙা পোহৰ আৰু সজাগতাৰ অভাৱত ভিন্ন কাৰণৰ কাজিয়া পৰ্যবসিত হয় ভয়ংকৰ মহাভাৰতলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...