অগ্নিকাণ্ডত ৬৬জন লোকৰ মৃত্যু: ১১ মহলাৰ পৰা ৰছীৰে নামি প্ৰাণ বচোৱাৰ চেষ্টা

তুৰস্কত শোকাৱহ ঘটনা সংঘটিত হৈছে। বহুমহলীয়া অট্টালিকাত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটি ৬৬জন লোকৰ মৃত্যু ঘটিছে। তুৰস্কৰ বলু প্ৰদেশৰ কাৰ্টালকায়া স্কাই ৰিজৰ্টত মঙলবাৰে সংঘটিত অগ্নিকাণ্ডত ৬৬ জন লোকৰ মৃত্যু হয়। জুইত আতংকিত হৈ বহু লোকে ১১নং মহলাৰ পৰা জপিওৱৰ চেষ্টা। ইয়াৰ বাবে বহু লোক আহত হয়। সংবাদ সংস্থা ৰয়টাৰৰ মতে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু ইয়াৰ ফলত শতাধিক লোক আহত হৈছে।

দেশখনৰ স্থানীয় বিষয়াসকলৰ মতে তুৰস্কৰ স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৩.৩০ বজাত (ভাৰতীয় সময় অনুসৰি মঙলবাৰে ৬ বজাত) হোটেলখনত অগ্নিকাণ্ড সংঘটিত হয়। ১১ মহলীয়া এটা অট্টালিকাটো হঠাতে জুইৰে আগুৰি ধৰে। অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে। কাৰ্টালকায়া স্কাই ৰিজৰ্টখন এটা ধুনীয়া শিলৰ ওপৰত অৱস্থিত। ওখ স্থানত অৱস্থিত হোৱা বাবে অগ্নিনিৰ্বাপক বাহিনীৰ বাহনসমূহ উপস্থিত হোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ ফলত উদ্ধাৰকাৰ্যত পলম হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...