অৱশেষত ইজৰাইল–ইৰানৰ যুদ্ধত প্ৰৱেশ আমেৰিকাৰ

অৱশেষত ইজৰাইল–ইৰানৰ যুদ্ধত প্ৰৱেশ আমেৰিকাৰ। শনিবাৰে নিশা ইৰানৰ পাৰমাণৱিক প্ৰকল্পত আমেৰিকাৰ আক্ৰমণ। ফোৰডো, নাটানজ, ইছফাহানত বোমা বৰ্ষণ মাৰ্কিন সেনাৰ। সফলভাৱে তিনিও প্ৰকল্পত আঘাত হনাৰ কথা ঘোষণা ৰাষ্ট্ৰপতি ট্ৰাম্পৰ। ইতিমধ্যে ইৰানৰ সীমাত মাৰ্কিন যুদ্ধ বিমানৰ অৱস্থানৰ কথাও ঘোষণা ট্ৰাম্পৰ। ছ’চিয়েল মিডিয়াত এই সন্দৰ্ভত পোষ্টো দিলে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে।

আমেৰিকাৰ বায়ুসেনাক অভিনন্দনো জনালে ট্ৰাম্পে।১৩ জুনত ইজৰাইলে প্ৰথম আক্ৰমণ কৰিছিল ইৰানত। তাৰ পিছৰে পৰা আমেৰিকাৰ যুদ্ধত প্ৰৱেশক লৈ চৰ্চা হৈছিল। সিদ্ধান্ত ল’বলৈ দুসপ্তাহৰ সময়সীমা লৈছিল পেণ্টাগনে। কিন্তু শনিবাৰে নিশা যুদ্ধত নামে আমেৰিকা। শান্তিৰ বাবে আমেৰিকাই এই পদক্ষেপ লোৱা বুলিও ঘোষণা ট্ৰাম্পৰ। যুদ্ধত আমেৰিকাই প্ৰৱেশ কৰিলে পৰিস্থিতি ভয়াৱহ হ’ব বুলি সকীয়াইছিল পুটিনে। আমেৰিকাক যুদ্ধত প্ৰৱেশ নকৰিবলৈ সকীয়নি দিছিল ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা খামেইনীয়ে। যুদ্ধত আমেৰিকাৰ প্ৰৱেশ পৰিস্থিতি ভয়াৱহ হোৱাৰ আশংকা বঢ়াইছে। উপ ৰাষ্ট্ৰপতি ভান্স, বিদেশ সচিব মাৰ্কো ৰুবিঅ’ক লগত লৈ ট্ৰাম্পৰ আনুষ্ঠানক ঘোষণা আক্ৰমণ সন্দৰ্ভত। আক্ৰমণৰ পিছতে ইৰানক শান্তিৰ বাবে আহ্বান ট্ৰাম্পৰ। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুয়ে অভিনন্দন জনালে ট্ৰাম্পক। আমেৰিকাৰ এই পদক্ষেপে ইতিহাস সলনি কৰিব বুলি মন্তব্য নেতান্যাহুৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...