ব্ৰেকে কাম নকৰিলে ট্ৰাকৰ, মহতিয়াই নিলে ৪খন দোকান

ৰহাত সংঘটিত হয় শিহৰণকাৰী দূৰ্ঘটনা। গুৱাহাটীৰ পৰা নগাঁও অভিমুখী ১৪ চকীয়া ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গৈ পথৰ কাষৰ চাৰি খন দোকান মহতিয়াই নিয়ে। NL 01 AA 9201 নম্বৰৰ ১৪ চকীয়া ট্ৰাকখন ৰহা নতুন চাৰিআলি পাওঁতেই ব্ৰেকৰ বিজুতি ঘটে আৰু চালকে নিয়ন্ত্ৰণ কৰিব নোৱাৰাত ৰহাৰ নতুন চাাৰিআলিৰ পৰা বাৰপূজীয়া পথৰ ফালে সোমাই যায় আৰু পথৰ কাষত থকা চাৰিখন দোকান মহতিয়াই নিয়ে। অৱশ্যে দুৰ্ঘটনাটোত কোনো হতাহত নহ’ল যদিও এখন দোকানৰ ভিতৰত থকা এজন লোক কথমপিহে ৰক্ষা পৰে। দুৰ্ঘটনাটোত দোকান কেইখনৰ বহুলাখ টকাৰ বয়বস্তু নষ্ট হয় ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...