সুৰাৰ ৰাগীত মাতাল চালক, গোলাঘাটত বাগৰি পৰিল ট্ৰাক!

সুৰাৰ ৰাগীত মাতাল ট্ৰাক চালকৰ বাবেই দেৱালীৰ দিনাই গোলাঘাটৰ লুৰুকীহাটত বাগৰি পৰিল LPG কঢ়িয়াই অনা ট্ৰাক। দুৰ্ঘটনা সংঘটিত হোৱাৰ বহু পৰৰ পাছতো নিজৰেই ট্ৰাকৰ দুৰ্ঘটনাৰ বিষয়ে গমেই নাপালে সুৰামত্ত চালকে। সোমবাৰে পুৱাৰে পৰাই মুষলধাৰ বৰষুণ দি থকাৰ ফলতে সন্ধিয়া নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰিল AS 07K 7450 নম্বৰৰ LPG কঢ়িওৱা ট্ৰাকখন। সুৰামত্ত চালকজনৰ অসাৱধানতাৰ বাবেই সংঘটিত হ’ল দুৰ্ঘটনাটো। ৰাইজে আহি মাতি থকাৰ পাছতো সঁহাৰি জনাব নোৱাৰিলে মাতাল চালকে। অৱশেষত যান-বাহন আৰক্ষী উপস্থিত হৈ ৰাইজৰ সহযোগত চোঁচৰাই গাড়ীৰ ভিতৰৰ পৰা টানি আনে সামান্যভাৱে আঘাতপ্ৰাপ্ত চালকজনক। নুমলীগড়ৰ পৰা গোলাঘাট অভিমুখী আছিল ট্ৰাকখন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...

আমেৰিকাই এতিয়াৰ বাবে ভেনিজুৱেলাত কোনো নিৰ্বাচনৰ অনুমতি নিদিয়ে!

অহা এমাহৰ ভিতৰত ভেনিজুৱেলাত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাই।...