সুৰাৰ ৰাগীত মাতাল চালক, গোলাঘাটত বাগৰি পৰিল ট্ৰাক!

সুৰাৰ ৰাগীত মাতাল ট্ৰাক চালকৰ বাবেই দেৱালীৰ দিনাই গোলাঘাটৰ লুৰুকীহাটত বাগৰি পৰিল LPG কঢ়িয়াই অনা ট্ৰাক। দুৰ্ঘটনা সংঘটিত হোৱাৰ বহু পৰৰ পাছতো নিজৰেই ট্ৰাকৰ দুৰ্ঘটনাৰ বিষয়ে গমেই নাপালে সুৰামত্ত চালকে। সোমবাৰে পুৱাৰে পৰাই মুষলধাৰ বৰষুণ দি থকাৰ ফলতে সন্ধিয়া নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰিল AS 07K 7450 নম্বৰৰ LPG কঢ়িওৱা ট্ৰাকখন। সুৰামত্ত চালকজনৰ অসাৱধানতাৰ বাবেই সংঘটিত হ’ল দুৰ্ঘটনাটো। ৰাইজে আহি মাতি থকাৰ পাছতো সঁহাৰি জনাব নোৱাৰিলে মাতাল চালকে। অৱশেষত যান-বাহন আৰক্ষী উপস্থিত হৈ ৰাইজৰ সহযোগত চোঁচৰাই গাড়ীৰ ভিতৰৰ পৰা টানি আনে সামান্যভাৱে আঘাতপ্ৰাপ্ত চালকজনক। নুমলীগড়ৰ পৰা গোলাঘাট অভিমুখী আছিল ট্ৰাকখন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...