চীন-বাংলাদেশৰ নতুন ষড়যন্ত্ৰ
১০ লক্ষাধিক ৰোহিংগ্যাক ঠেলিব ভাৰতলৈ

✒️ অচিন্ত্য শৰ্মা

বাংলাদেশৰ পৰা ক্ৰমাৎ বিভীষিকাত পৰিণত হৈছে ৰোহিংগ্যা শৰণাৰ্থীদ দল। দেশখনৰ বিস্তৃত অঞ্চলত আইন-শৃংখলাজনিত সমস্যাৰ সৃষ্টি কৰাৰ উপৰি স্থানীয় বাংলাদেশী নাগৰিকসকলৰ জীৱন-জীবিকাৰ বাবেও তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে দেশখনত আশ্ৰয় লোৱা ১ নিযুতৰো অধিক ৰোহিংগ্যাই। নিজৰ অপৰাধমূলক স্বাভাব-চৰিত্ৰৰ পৰণতিত ম্যানমাৰৰ পৰা খেদা খোৱা ৰোহিংগ্যা দুৰ্বৃত্তহতে বাংলাদেশৰ কক্সাবাজাৰত থকা নিজৰ আশ্ৰয় শিবিৰতো বিগত দিনবোৰত বিভিন্ন উপকূল সৃষ্টি কৰি লৈছে আৰু সেই উপদলবোৰৰ মাজত মাৰপিট, হত্যা-হিংসা আদি হৈ উঠিছে এতিয়া নিয়মিত পৰিঘটনা। ২০১৭ চনৰ আগষ্ট মাহত ৰোহ্যিংগ্যাঁহতে ম্যানমাৰৰ পৰা খেদা খাইছিল আৰু তেতিয়াৰ পৰাই বিগত ৫টা বছৰৰ ভিতৰত অকল কক্সবজাৰ ৰোহিংগ্যা শিবিৰতে ১২০টাৰো অধিক হ্যাকাণ্ডৰ ঘটনা হত্যাকাণ্ডৰ ঘটনা ঘটি গৈছে। এই হত্যাকাণ্ডৰ বলি হোৱাসকলৰ বেছিভাগেই উল্লোখিত ৰোহ্যিংগ্যা উপদলসমূহৰ বিভিন্ন পৰ্যায়ৰ নেতা। আনহাতে আৰক্ষী প্ৰসাশনে সদৰি কৰামতে ৰোহিংগ্যাহঁতে এই পৰ্যন্ত বাংলাদেশত ১৪ প্ৰকাৰৰ ভিনভিন অপৰাধৰ লগত জড়িত হৈ পৰিছে। হত্যাৰ উপৰি অপহৰণ, ধৰ্ষণ, ঠগবাজি, ড্ৰগছ সৰবৰাহ, আগ্নি সংযোগ আদি অপৰাধমূলক ঘটনাৰ লগত জড়িত হৈ পৰিছে ৰোহিংগ্যা দুৰ্বৃত্তৰ দল। আৰক্ষী প্ৰশাসনে সদৰি কৰা মতে বিগত ৫টা বছৰত বাংলাদেশত আশ্ৰয় লোৱা ৰোহিংগ্যাৰ বিৰুদ্ধে ১ হাজাৰ ৯০৮টা গোচৰ ৰুজু হৈছে। গোচৰ ৰুজু নোহোৱাকৈ ৰৈ গৈছে ৰোহিংগ্যাৰ দ্বাৰা সংঘটিত অন্য আৰু অপৰাধমূলক ঘটনা। ইফালে ৰোহিংগ্যাৰ বৰ্দ্ধিত সংখ্যাও বাংলাদেশৰ বাবে হৈ উঠিছে অন্য এক মূৰ কামোৰণি। যোৱা ৫ বছৰৰ ভিতৰতে বাংলাদেশত থকা আশ্ৰয় শিবিৰত লাখৰ হিচাপত নতুনকৈ জন্মলাভ কৰিছে ৰোহিংগ্যা সন্তানে। ইয়ে অন্যান্য সমস্যাৰ লগতে সৃষ্টি কৰিছে পাৰিবেশিক উদ্বিগ্নতাৰো। ইতিমধ্যেই ৰোহিংগ্যা শৰনাৰ্থী শিবিৰ স্থাপনৰ বাবে কক্সবজাৰ অঞ্চলৰ প্ৰায় আঠ হাজাৰ এককৰো বেছি বনভূমি ধ্বংস কৰা হৈছে। এনে অৱস্থাত ৰোহিংগ্যাৰ জনবিস্ফোৰণে যে বাংলাদেশক আৰু অধিক বনভূমি ধ্বংস কৰাৰ লগতে অন্য একাধিক পাৰিপাৰ্শ্বিক সমস্যাৰ সন্মুখীন হ’বলৈ বাধ্য কৰিব সেয়াও নিশ্চিত হৈ উঠিছে।

বাংলাদেশ চৰকাৰৰ সন্মুখত সকলোতকৈ বৃহৎ প্ৰত্যাহ্বান হৈছে ৰোহিংগ্যাহঁতে দেশখনৰ থলুৱা মানুহখিনিৰ বাবে সৃষ্টি কৰা নিৰাপত্তাজন্ত সমস্যা। যিকোনো সৰু সৰু কথাতে ৰোহিংগ্যাহঁতে দল বান্ধি গৈ বাংলাদেশৰ স্থানীয় মানুহৰ ঘৰ ঘেৰাও কৰা , ঘৰৰ মানুহক ধৰি আনি মাৰপিট কৰা আৰু এৰি দিয়াৰ বিনিময়ত ধন লোৱা ঘটনা এতিয়া কক্সবজাৰত সুলভ। একেদৰে সুলভ হৈ উঠিছে বহু ৰোহিংগ্যা যুবক-যুবতীয়ে আশ্ৰয় শিবিৰ এৰি গৈ চাকৰি-বাকৰিত সোমাই কৰ্মক্ষেত্ৰ অধিকাৰ কৰাটোও অৰ্থাৎ ৰোহিংগ্যাই এতিয়া জীৱন আৰু জীৱিকা, উভয় দিশেৰে বাংলাদেশৰ থলুৱা লোকৰবাবে সৃষ্টি কৰিছে ভীষণ সংকটৰ। এনে সংকটৰ সময়ত সুযোগ সন্ধানী, সম্প্ৰসাৰণবাদী দুৰ্বৃত্ত ৰাষ্ট্ৰ ৰঙাচীন আগবাঢ়ি আহিছে, ৰোহিংগ্যাৰ মধ্যস্থতা কৰি, উভয় দেশতে নিজৰ প্ৰভাব বঢ়োৱাৰ লগতে ভাৰতৰ বাবে অসুবিধাৰ সৃষ্টি কৰিবলৈ। এই উদ্দেশ্যে বাংলাদেশৰ বিদেশমন্ত্ৰী ড০ একে আব্দুল মোমেনৰ লগত অলপতে এক ৰুদ্ধদ্বাৰ বৈঠকতো মিলিত হৈছে ঢাকাস্থিত চীনা ৰাষ্ট্ৰদূত লি জিমিং। আনুষ্ঠানিকভাবে জনোৱামতে বৈঠকখনৰ উদ্দশ্য হৈছে চীনৰ উদ্যোগত, ৰোহিংগ্যা সমস্যাটো সমাধানৰ স্বাৰ্থত বাংলাদেশ আৰু ম্যানমাৰৰ মাজত আলোচনাৰ পৰিবেশ সৃষ্টি কৰা। পিচে অন্য এক সূত্ৰই সদৰি কৰামতে এই বৈঠকতে চীনা ৰাষ্ট্ৰদূত গৰাকীয়ে ৰোহিংগ্যাৰ বাবে আগবঢ়াইছে এক বেলেগ সমাধান। তেওঁ পৰামৰ্শ দিছে ৰোহিংগ্যাহঁতক পৰ্যায়ক্ৰমে বাংলাদেশৰ পৰা ভাৰতলৈ অনুপ্ৰৱেশ কৰাবলৈ। তাৎপৰ্যপূৰ্ণভাবে সীমান্ত অপৰাধী আৰু বাংলাদেশী অনুপ্ৰবেশকাৰীৰ সহাঁয় হোৱাকৈ ঢাকা মহলে ভাৰত-বাংলাদেশ সীমান্তৰ একাধিক ঠাইত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণৰ কাম বন্ধ কৰি ৰাখিছে আৰু এইক্ষেত্ৰত নৰেন্দ্ৰ মোদীয়েও শ্বেখ হাছিনাৰ ওচৰত হেও মানিছে। এনে পৰিস্থিতিৰ সুযোগ লৈ যদি দহ লক্ষাধিক ৰোহিংগ্যাই অনুপ্ৰবেশ কৰে, তেনে হ’লে কি হ’ব সেয়া সহজেই অনুমেয়। ইতিমধ্যে বিভিন্ন পথেৰে ভাৰতৰ লক্ষাধিক ৰোহিংগ্যাই অনুপ্ৰবেশ কৰি জম্মুৰ পৰা দিল্লীৰলৈকে খুটি পুটিছে। নিজৰ শক্তি বঢ়াবলৈ এই ৰোহিংগ্যাহঁতে তীব্ৰগতিত কৰি গৈছে বংশবৃদ্ধি। আনহাতে ৰোহিংগ্যা কলনীসমূহ পৰিণত হৈছে আপৰাধীৰ ঘাটিত। সেয়ে পুনৰ ১০ লক্ষাধিক ৰোহিংগ্যাৰ ভাৰতত অনুপ্ৰৱেশৰ দুৰ্ভাৱনা দেশৰ নিৰাপত্তাৰবাবেই হৈ উঠিছে এক ভয়াবহ বিপদৰ আগজাননী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...