ত্ৰিপুৰাত একেৰাহে ‘বাংলাদেশী’ৰ শাসন

✍️অচিন্ত্য শৰ্মা

বিদ্যুৎৰ বিল যদি এজন ব্যক্তিৰ ঠিকনাৰ প্ৰমাণপত্ৰ স্বৰূপ হয়, তেনেহ’লে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডা: মাণিক লাল সাহাৰ ঠিকনা এতিয়াও সম্ভৱত: বাংলাদেশৰ ব্রাহ্মণূবাড়িয়া। কাৰণ ব্রাহ্মণূবাড়িয়া পৌৰ এলেকাৰ কাজীপাৰাস্থিত এটা বিশেষ ঘৰৰ বিদুৎৰ বিল এতিয়াও আহে মাণিক লাল সাহাৰ পিতৃ মাখন লাল সাহাৰ নামত। সেয়ে মাণিক লাল সাহাৰ মুখ্যমন্ত্ৰীৰ সংবাদে বাংলাদেশতো আনন্দৰ লহৰ তুলিছে; দেশজুৰি চৰ্চ্চিত হৈছে তেওঁৰ নাম।দৰাচলতে দেশবিভাজনৰ ইয়ো এক অন্যতম কৰুণ কাহিনী। ব্রাহ্মণূবাড়িয়াৰ কাজিয়াৰ কাজিপাৰা নিবাসী মাখন লাল সাহাই ১৯৪৭চনত তেওঁৰ ঘৰবাৰী সলাই লৈছিল আগৰতলাৰ ধলেশ্বৰ নিবাসী নূৰ মিয়া মালদাৰৰ ঘৰবাৰীৰ লগত। নূৰ মিয়া মালদাৰ সপৰিয়ালে গুচি আহিছিল কাজীপাড়াৰ মাখন লাল সাহাৰ ঘৰলৈ। ভাৰতবৰ্ষক প্ৰথমে দ্বিখণ্ডিত আৰু পিছত ত্ৰিখণ্ডিত কৰা দেশ বিভাজনে এনেদৰে সলাই পেলাইছিল দুটা পৰিয়ালৰ ঠিকনা।
পিচে ঠিকনা সলনি হলেও সলনি নহল বন্ধুত্বৰ গভীৰতা। নূৰ মিয়া মালদাৰে বন্ধু মাখন লাল সাহাৰ স্মৃতি সজীৱ কৰি ৰখাৰ স্বাৰ্থত সলাই নেপেলালে কাজীপাৰাৰ ঘৰটোৰ বিদুৎ সংযোগৰ ক্ষেত্ৰত থকা নাম। বিদুৎ বিভাগৰ সংশ্লিষ্ট কাৰ্যালয়ত ঘৰটোৰ বিদুৎ সংযোগ ৰৈ গ’ল মাখন লাল সাহাৰ নামতেই। বিদুৎৰ বিলো আহি থাকিল মাখন লাল সাহাৰেই নাম। নূৰ মিয়া মালদাৰৰ মৃত্যৰ পিছত তেওঁৰ পুত্ৰ মহম্মদ চৰিফুল ইছলামেও ঘৰটোৰ বিদুৎ বিলৰপৰা আঁতৰাই দিয়া নাই মাখন লাল সাহাৰ নাম। সেই বিশেষ বিদুৎ বিলখনেই যেন এতিয়া স্মৃতি ধৰি ৰখাৰ অন্যতম মাধ্যম তেওঁলোকৰ বাবে। ইফালে নিজৰ এলেকাৰ এজন মানুহ চুবুৰীয়া ৰাষ্টখনৰ এখন গুৰুত্বপূৰ্ণ ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱা কথাটোৱে আনন্দিত কৰি তুলিছে ব্রাহ্মণূবাড়িয়াৰ বাসিন্দাসকলক। তেওঁলোকৰ মতে অঞ্চলটোৰ লগত এতিয়াও সুসম্পৰ্ক ৰক্ষা কৰি চলিছে মাণিক সাহাই। উৎসৱৰ সময়ত সাহাৰ পৰিয়াল এতিয়াও আহে; বাৰ্তালাপ কৰে অঞ্চলবাসীৰ লগত। কাৰ্য: বাংলাদেশ আৰু বাংলাদেশীৰ আকৰ্ষণ এতিয়াও এৰিব পৰা নাই ভাৰতৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে?
আকৰ্ষণ এৰিব পৰা নাছিল মাণিক সাহাৰ পূৰৱৰ্তী মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱেও। বিপ্লৱ কুমাৰো পৈতৃক ঘৰ বাংলাদেশৰ চাঁদপুৰ জিলাৰ কুচুৱাত। কুচুৱাৰ সেই ঘৰখনৰ লগত এতিয়াও সুসম্পৰ্ক ৰক্ষা কৰি চলিছে বিপ্লৱ কুমাৰ দেবে। প্ৰতিবছৰে দুৰ্গাপূজাৰ সময়ত বিপ্লৱ দেবো হয় বাংলাদেশীমুখী হৈ পৰে বাংলাদেশৰেই এজন। তেওঁৰ মুখ্যমন্ত্ৰীত্ব প্ৰাপ্তিতো বাংলাদেশজুৰি আনন্দৰ বন্যা বৈছিল আৰু এতিয়া মণেকলাল সাহাৰ ক্ষেত্ৰতো ঘটিছে একেই ঘটনা। যেন ক্ৰমাগতভাৱে বাংলাদেশীৰ শাসন চলিছে অসমৰ নিকটৱৰ্তী এসময়ৰ জনজাতীয় ৰাজ্য ত্ৰিপুৰাত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...