আধুনিক অসমীয়া কবিতাৰ অন্যতম বাটকটীয়া, যশস্বী সাহিত্যিক নৱকান্ত বৰুৱালৈ মৃত্যু দিৱসত শ্ৰদ্ধাঞ্জলি জনালোঁ। এখুদ ককাইদেউৰ কৰ্মৰাজি অসমীয়া সাহিত্যৰ এক অমূল্য ভঁৰালৰূপে জিলিকি আছে। তেখেতৰ কৰ্মৰাজিয়ে নৱপ্ৰজন্মক সৃষ্টিশীল কাম কৰাৰ ক্ষেত্ৰত সদায়েই প্ৰেৰণা দি যাব।
অসমীয়া সাহিত্য জগতৰ এটি প্ৰসিদ্ধ নাম – নৱকান্ত বৰুৱা। এখুদ ককাইদেউ বৰুৱাৰ জনপ্ৰিয় ছদ্মনাম। একালত তেওঁ সীমা দত্ত ছদ্মনামেৰেও বহু কবিতা ৰচনা কৰিছিল। তেওঁৰ কবিতাবোৰে আধুনিক অসমীয়া কবিতাক এক অনন্য মাত্ৰা প্ৰদান কৰি থৈ গৈছে। নৱকান্ত বৰুৱাৰ প্ৰতিখন কবিতা-পুথি কায়িক জীৱনৰ সৌন্দৰ্য, প্ৰেমৰ মাধুৰী, মৃত্যু, ৰহস্য আদি বিবিধ বিষয়বস্তুৰে সমৃদ্ধ। তেওঁৰ কবিতাবোৰত ৰবীন্দ্ৰনাথ ঠাকুৰ, এলিয়ট, হুইটমেন, তথা খলিল জিব্ৰানৰ কবিতাৰ কিছু কিছু প্ৰভাৱ দেখা পোৱা যায় যদিও এক নিজস্ব স্বকীয়তা তেওঁৰ সমূহ কাব্যসম্ভাৰত বিদ্যমান। তেখেতৰ বহু সমাদৃত কবিতাসমূহৰ ভিতৰত অন্যতম হল ‘মনত পৰেনে অৰুন্ধতি’, ‘ইয়াত নদী আছিল’, ‘পলস’, ‘ৰাৱন’, ‘মহাকাব্যৰ পাণ্ডুলিপি’, ‘ক্ৰমশঃ’ আদি। তেওঁৰ কবিতা প্ৰসঙ্গত মহেন্দ্ৰ বৰাই উল্লেখ কৰিছে, “এহাতে ৰবীন্দ্ৰনাথ, আনহাতে ইলিয়ট। এয়ে বোধকৰোঁ নৱকান্ত বৰুৱাৰ কাব্য-পৰিক্ৰমাৰ কুমেৰু-সুমেৰু। মাজত আৰু বহুতো বিখ্যাত, অখ্যাত আৰু কুখ্যাত কবিৰ হেঁচা-ঠেলা।” (অৱতৰণিকা, “নতুন কবিতা”)
জন্ম
নৱকান্ত বৰুৱাৰ জন্ম হৈছিল গুৱাহাটীত ১৯২৬ চনৰ ২৯ ডিচেম্বৰত। তেওঁৰ পিতৃ নীলকান্ত বৰুৱা শিক্ষা বিভাগৰ এগৰাকী বিদ্যালয় পৰিদৰ্শক হোৱাৰ উপৰিও এজন আদৰ্শ শিক্ষকো আছিল। তেওঁৰ মাতৃৰ নাম স্বৰ্ণলতা বৰুৱাণী। নৱকান্ত বৰুৱাৰ ভাতৃ তিনিগৰাকী : দেৱকান্ত, জীৱকান্ত আৰু শিৱকান্ত। তেওঁৰ ভাতৃ প্ৰয়াত দেৱকান্ত বৰুৱাও অসমৰ অন্যতম শ্ৰেষ্ঠ কবিসকলৰ ভিতৰত এজন।
শিক্ষা
ডিবৰুতেই নিজৰ শিক্ষা জীৱনৰ আৰম্ভণি ঘটোৱা নৱকান্ত বৰুৱাই ১৯৩৩ চনত নগাওঁ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তৃতীয় শ্ৰেণীত নাম ভৰ্তি কৰে আৰু তাৰেপৰাই তেওঁ ১৯৪১ চনত সুখ্যাতিৰে মেট্ৰিকুলেচন পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৪৩ চনত নৱকান্ত বৰুৱাই উচ্চ শিক্ষাৰ বাবে কলকতাৰ শান্তিনিকেতনলৈ ঢাপলি মেলে। ১৯৪৭ চনত তেওঁ কলকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত অনাৰ্ছ সহ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। নৱকান্ত বৰুৱাই ১৯৫৩ চনত উত্তৰ প্ৰদেশৰ আলীগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
কৰ্মজীৱন
উত্তৰ প্ৰদেশৰ শিকোহাবাদ অৱস্থিত এ. কে. মহাবিদ্যালয়ত শিক্ষকতা বৃত্তিৰে নৱকান্ত বৰুৱাই নিজৰ বৰ্ণময় কৰ্মজীৱন আৰম্ভ কৰিছিল। কিছুদিন তাত শিক্ষকতা কৰাৰ পাছত তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে। ১৯৫৪ চনত তেওঁ গুৱাহাটীৰ কটন মহাবিদ্যালয়লৈ বদলি হৈ আহে আৰু তাৰেপৰাই তেওঁ ১৯৮৪ চনত উপাধ্যক্ষ ৰূপে অৱসৰ গ্ৰহণ কৰে। নৱকান্ত বৰুৱাই মাজতে ১৯৬৪ চনৰপৰা ১৯৬৭ চনলৈ তিনিবছৰ কাল অসম চৰকাৰৰ মাধ্যমিক শিক্ষা পৰিষদত ইংৰাজী শিক্ষাৰ বিষয়া ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০০২ চনৰ ১৪ জুলাই তাৰিখে বৰুৱাৰ মৃত্যু হয়।
গ্ৰন্থৰাজি
কবিতা
- হে অৰণ্য হে মহানগৰ (১৯৫১)
- যতি আৰু কেইটামান স্কেচ্ছ (১৯৬০)
- এটি দুটি এঘাৰটি তৰা (১৯৫৭)
- ৰত্নাকৰ (১৯৮৬)
- ৰাৱণ(১৯৬৩)
- সূৰ্যমুখীৰ অঙ্গীকাৰ (১৯৯০)
- মোৰ আৰু পৃথিৱী (১৯৭৩)
- এখন স্বচ্ছ মুখাৰে (১৯৬০)
- দলঙত তামীঘৰা (১৯৯১)
- সম্ৰাট (১৯৬২)
- নিৰ্বাচিত কবিতা (ইংৰাজীত)
অনুবাদ
- এশ কবিতা
- আহত মৰাল
- নজৰুল ইছলামৰ কবিতা
- মুক্তধাৰা
- কবিৰাই কয়
উপন্যাস
- কপিলীপৰীয়া সাধু (১৯৫২)
- ককাদেউতাৰ হাড় (১৯৭৩)
- গড়মা কুৱঁৰী (১৯৮০)
- মানুহ আটাইবোৰ দ্বীপ (১৯৮০)
- পটাচাৰা
- অপদাৰ্থ
- অহিংসাৰ জুই(অসমাপ্ত)
অন্যান্য গ্ৰন্থ
- অসমীয়া ছন্দশিল্পৰ ভূমিকা (১৯৬২)
- শিয়ালী পালেগৈ ৰতনপুৰ (১৯৫৪)
- আখৰৰ জখলা (১৯৫৬)
- মনৰ খবৰ (১৯৬০)
- ভত ঊকাৰে ভূ (১৯৬৮)
- জনা নজনাৰ খেল (১৯৭০)
স্বীকৃতি আৰু সন্মান
- পদ্মভূষণ (১৯৭৬),
- অসম উপত্যকা সাহিত্য বঁটা (১৯৯৩),
- সম্বলপুৰ বিশ্ববিদ্যালয়ৰৰ গংগাধৰ বঁটা,
- সাহিত্য অকাডেমি বঁটা (১৯৭৫), ককাদেউতাৰ হাড় উপন্যাসৰ বাবে
- মধ্যপ্ৰদেশৰ কবীৰ সন্মান (১৯৯০),
- কমল কুমাৰী বঁটা (১৯৯৮),
- অসম সাহিত্য সভাৰ বিশ্বনাথ চাৰিআলি অধিৱেশনৰ সভাপতি (১৯৯০)
- অসম প্ৰকাশন পৰিষদ বঁটা (১৯৭৪) মোৰ আৰু পৃথিৱী কবিতা সংকলনৰ বাবে