BWF World Championships 2026-ত ইতিহাস ৰচনা ত্ৰেছা-গায়ত্ৰীৰ

নতুন দিল্লীৰ ইন্দিৰা গান্ধী এৰিনাত ইতিহাস ৰচিলে ভাৰতীয় বেডমিণ্টনৰ যুৱ যুটি ত্ৰেছা জলি আৰু গায়ত্ৰী গোপীচন্দে। BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ ২০২৬ৰ মহিলা ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত চীনক পৰাস্ত কৰি ভাৰতৰ বাবে অন্ততঃ ব্ৰঞ্জৰ পদক নিশ্চিত কৰিলে বিশ্বৰ ৩৯ নম্বৰত থকা ভাৰতীয় যুটিটোৱে।

মেচখনৰ আৰম্ভণি অৱশ্যে ভাৰতৰ পক্ষত নাছিল। প্ৰথম গেমত ১৬-২১ ব্যৱধানত পৰাস্ত হৈছিল ত্ৰেছা আৰু গায়ত্ৰী। কিন্তু তাৰ পাছতে দুয়োগৰাকীয়ে দুৰ্দান্ত প্ৰত্যাৱৰ্তন ঘটাই দ্বিতীয় গেমটো ২১-১৫ত নিজৰ দখললৈ আনে।

নিৰ্ণায়ক তৃতীয় গেমত আৰু অধিক আত্মবিশ্বাসী ৰূপত খেলি চীনা যুটিক কোনো সুযোগ নিদিলে ভাৰতীয় যুটিটোৱে। ২১-১৩ ব্যৱধানত তৃতীয় গেম জয় কৰি কোৱাৰ্টাৰ ফাইনেলত ২-১ ব্যৱধানত বিজয় সাব্যস্ত কৰে ত্ৰেছা-গায়ত্ৰীয়ে।

এই জয়ৰ লগে লগে বিশ্ব চেম্পিয়নশ্বিপৰ মহিলা ডাবলছত ভাৰতে ২০১১ চনৰ পাছত প্ৰথমবাৰৰ বাবে পদক নিশ্চিত কৰিলে। ২০১১ চনত জ্বালা গুট্টা আৰু অশ্বিনী পোনাপ্পাই এই শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

বিশ্ব চেম্পিয়নশ্বিপ ২০২৬ত এই মুহূৰ্তলৈ ভাৰতৰ একমাত্ৰ নিশ্চিত পদকো হৈছে ত্ৰেছা-গায়ত্ৰীৰ এই ব্ৰঞ্জ। এতিয়া ছেমিফাইনেলত জয়লাভ কৰি পদকৰ ৰং সলনি কৰাৰ লক্ষ্যৰে ক’ৰ্টত নামিব ভাৰতীয় যুটিটো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছৌদি আৰৱৰ পৰা স্বদেশলৈ উভতিল প্ৰায় ৩,০০০ আবদ্ধ ভাৰতীয় উমৰাহ যাত্ৰী

ছৌদি আৰৱত আবদ্ধ হৈ থকা প্ৰায় ৩,০০০ ভাৰতীয় উমৰাহ...

ফ্ৰেন্স অ’পেনত বিশ্বৰ ২ নম্বৰ আকানে য়ামাগুচিক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত অসম কন্যা অস্মিতা

ফ্ৰেন্স অ’পেন ২০২৬ বেডমিণ্টন প্ৰতিযোগিতাত কেৰিয়াৰৰ অন্যতম বৃহৎ সাফল্য...

যুৱতীৰ সৈতে অসৎ আচৰণৰ অভিযোগক লৈ সংঘাত, চুবুৰীয়াৰ প্ৰহাৰত DRDO কৰ্মচাৰীৰ মৃত্যু

হায়দৰাবাদত এগৰাকী ২৩ বছৰীয়া যুৱতীৰ সৈতে অসৎ আচৰণ কৰাৰ...

তিব্বতত ৭.০ প্ৰাবল্যৰ ভূমিকম্প, ১৬জনৰ মৃত্যু, আহত ৩২

চীনৰ দুৰ্গম তিব্বত অঞ্চলত বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা ৭.০...