পথৰ মাজতে থাকি গ’ল গছ; বিহাৰত ১০০ কোটি টকা খৰচ কৰি পথ সম্প্ৰসাৰণ

পথত কোনো ডিভাইডাৰ নাই। দুয়োপিনে গছৰ শাৰী। কিন্তু গছবোৰ কেৱল পথৰ দুয়ো পাৰে নহয়, পথৰ মাজতো আছে। আৰু তাতেই বিপত্তি! যাৰ বাবে প্ৰায়েই নিতৌ দুৰ্ঘটনা ঘটি আছে। এনে পথ আছে বিহাৰত। ৰাজধানী পাটনাৰ পৰা ৫০ কিলোমিটাৰ দূৰৈত জেহানাবাদত। ১০০ কোটি টকা খৰচ কৰি ৰাজ্য চৰকাৰে পাটনা-গয়া পথ সম্প্ৰসাৰণৰ উদ্যোগ লৈছিল। কিন্তু সম্প্ৰসাৰণ হ’লেও সেই পথ মানুহৰ কামত অহা নাই বুলি অভিযোগ উঠিছে।

দীৰ্ঘদিন ধৰি জেহানাবাদৰ স্থানীয় লোকে এই পাটনা-গয়া পথ সম্প্ৰসাৰণৰ দাবী তুলিছিল। সেই অনুসৰি জিলা প্ৰশাসনে ১০০ কোটি টকাৰ প্ৰকল্পৰ কাম আৰম্ভ কৰিছিল। পথৰ কাষৰ গছ কটাৰ বাবে তেওঁলোকে বন বিভাগৰ দ্বাৰস্থ হৈছিল। বন বিভাগে চৰ্ত দিছিল যে, নতুন বনভূমি সৃষ্টিৰ বাবে ১৪ হেক্টৰ মাটি প্ৰদান কৰিব লাগিব। জিলা প্ৰশাসনে সেয়া দিব নোৱাৰিলে। ফলত বন বিভাগেও গছ কটাৰ অনুমতি নিদিলে।

কিন্তু তাৰ বাবে বিহাৰ প্ৰশাসনেও হাৰ নামানিলে। তেওঁলোকে গছ ৰাখিয়েই পথ নিৰ্মাণ কৰিলে। ৭.৪৮ কিলোমিটাৰ পথ সম্প্ৰসাৰণ কৰা হ’ল। কিন্তু তাৰ মাজত গছবোৰ থাকি গ’ল। সেই গছত খুন্দা খাই এই পথত ইতিমধ্যে বহু দুৰ্ঘটনা সংঘটিত হৈছে। প্ৰশ্ন উঠিছে, এনেকৈয়ে জানো পথ বনাব পাৰি? ডাঙৰ দুৰ্ঘটনা হ’লে তাৰ দায়িত্ব কোনে ল’ব?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...