ডিমৰীয়াত পৰিবহণ বিভাগৰ “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত” সেৱা কাৰ্যসূচী

ডিমৰীয়া সমজিলাৰ কাৰ্যালয়ত আজি কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত” কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাতিপুৱা সমজিলাৰ কাৰ্যালয় চৌহদত বন্তি প্ৰজ্বলনেৰে পৰিবহণ বিভাগৰ এই ব্যতিক্ৰমী কাৰ্যসূচী উদ্বোধন কৰে দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই ৷ পৰিবহণৰ এই গুৰুত্বপূৰ্ণ সেৱা কাৰ্যসূচী মুকলি কৰি বিধায়ক গৰাকীয়ে কয় যে কেবল চালকৰ ভুল অথবা চালকে মদ্যপান কৰা বাবেইযে দুৰ্ঘটনা সংঘটিত হয় তেনেকুৱা নহয়। বহুসময়ত দেখা যায় যে বাহনৰ গৰাকী অথবা যাত্ৰীয়ে চালকক তীব্ৰগতিত বাহন চলাবলৈ বাধ্য কৰায়। যাৰবাবে অনিচ্ছাসত্বেও কিছুমান চালকে কেতিয়াবা অত্যাধিক গতীত বাহন চলাবলগীয়া হয় ৷ ফলত কেতিয়াবা মদ্যপান নকৰা, ধীৰ-স্থিৰ চালকেও দু্ৰ্ঘটনা সংঘটিত কৰে। সেয়ে চালকক বাহন চালনাৰ সময়ত ব্যতিব্যস্ত নকৰিবলৈ তেওঁ বাহনৰ গৰাকী আৰু যাত্ৰীক সতৰ্ক কৰি দিয়ে। অনুষ্ঠানত উপস্থিত থাকি ডিমৰীয়া সমজিলাৰ আয়ুক্ত বিশ্বজিত শইকীয়াই পৰিবহণ বিভাগৰ এই সময়োপযোগী জনহীতাৰ্থ কাৰ্যসূচীৰ সুফল লাভ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় ৷

সেৱা কাৰ্যসূচীত উপস্থিত থাকি পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে কয় যে অসমেই ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম ৰাজ্য য’ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ উদ্যোগত পৰিবহণ বিভাগৰ ৫৫টাতকৈ অধিক সংস্পৰ্শবিহীন সেৱা উপলব্ধ হৈছে। এই সেৱাসমূহ ৰাইজে সঠিকভাৱে লাভ কৰিছেনে নাই, সেৱা লাভ কৰাত কিবা অসুবিধাৰ সন্মুখিন হৈছেনেকি, লগতে যানবাহনৰ কৰ পৰিশোধ কৰাত অসুবিধাৰ সন্মুখিন হৈছেনেকি আদি বিষয়সমূহ অবগত হৈ থিতাতে নিষ্পত্তি কৰাৰ উপৰি ৰাইজক সুৰক্ষিত যাতায়াত গঢ়ি তোলাৰ ক্ষেত্ৰত ব্যাপক জনসচেতনতা গঢ়াৰ বাবে মুখ্যমন্ত্ৰীৰ যি নিৰ্দেশ সেয়া বাস্তবায়িত কৰাটো এই কাৰ্যসূচীৰ লক্ষ্য বুলি মন্তব্য কৰে । ইফালে বনভোজদলৰ কোনো চালকে যাতে মদ্যপান নকৰে তাৰ আহ্বান জনায়। বৰ্তমান যিহেতু কুৱলিৰ সময় সেয়ে অত্যন্ত জৰুৰী ন’হলে নিশাৰ যাত্ৰা বাতিল কৰিবলৈ তেওঁ যানবাহন ব্যৱহাৰকাৰীৰ প্ৰতি আহ্বান জনায়। উল্লেখ্য যে আজিৰ সভাখন আৰম্ভ হোৱাৰে পৰা সন্ধিয়ালৈকে যানবাহনৰ গৰাকী তথা ৰাইজৰ সহযোগিতা আছিল বিশেষভাৱে মনকৰিবলগীয়া। আজিৰ সেৱা কাৰ্যসূচীত যানবাহন পৰিদৰ্শক পংকজ কুমাৰ দাসৰ নেতৃত্বত পৰিবহণ বিভাগৰ সহায়কাৰী বিষয়াৰ দলে কেইবা শতাধিক বাহনৰ গৰাকীৰ পৰিবহণ বিষয়ক সমস্যাৰ সমাধান কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...