৭৮সংখ্যক স্বাধীনতা বৰ্ষ উপলক্ষে পৰিবহণ বিভাগৰ বিশেষ জনসেৱা মাহৰ কাৰ্যসূচী

৭৮সংখ্যক স্বাধীনতা বৰ্ষত “মেৰা ভাৰত মহান” শ্ল’গানেৰে স্বদেশ আৰু স্বজাতিৰ প্ৰতি দেশাত্মবোধ উদ্বুদ্ধ কৰাৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে জনোৱা আহ্বান বাস্তৱায়িত কৰাৰ লক্ষ্যৰে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে ৷ দেশৰ বিভিন্ন ক্ষেত্ৰলৈ অনবদ্য সেৱা আগবঢ়োৱা ৰাজ্যৰ একাংশ আগশাৰীৰ ব্যক্তিক চলিত আগষ্ট মাহত হোণ্ডা ছেফটি ড্ৰাইভিং এডুকেছন চেন্টাৰৰ সহযোগত বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰিছে মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে। ইফালে আগন্তুক ১৫আগষ্টৰ পৰা যান-বাহনৰ গৰাকীক বিশেষভাবে সহায়ৰ হাত আগবঢ়াবলৈ পৰিবহণ বিভাগে বিশেষ জনসেৱা মাহৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ ৰাজ্যৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে জানিবলৈ দিয়া মতে এই জনসেৱা মাহত বিশেষকৈ সামৰিক, অৰ্ধসামৰিক, আৰক্ষী, চিকিৎসক, অধিবক্তা, সাংবাদিক, ক্ৰীড়াবিদ আৰু মুক্তিযুঁজাৰু পৰিয়ালৰ সদস্যক সামৰি লোৱা হ’ব৷ সমাজৰ এইসকল উৎসৰ্গিত ব্যক্তিৰ যিসকলে সময়ৰ অভাৱ আৰু কাৰিকৰী অসুবিধাত নিজৰ বাহনৰ নথি-পত্ৰসমূহ নৱীকৰণ কৰিব পৰা নাই অথবা সময়মতে যানবাহনৰ যাৱতীয় কৰকাটল আদায় দিব পৰা নাই তেওঁলোকে ফোনযোগে নিজৰ সমস্যা সন্দৰ্ভত অৱগত কৰা মাত্ৰকে গৰাকীৰ ঘৰ অথবা কাৰ্যালয়ত উপস্থিত হৈ বাহনৰ গুৰুত্বপূৰ্ণ সমস্যাসমূহ তাৎক্ষণিকভাৱে সমাধান কৰিব পৰিবহণ বিভাগৰ সহায়কাৰী বিষয়া-কৰ্মচাৰীৰ দলে। এই সন্দৰ্ভত পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়াগৰাকীয়ে কয় যে বৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষৰ স্বাধীনতা প্ৰাপ্তিৰ এই গৌৰৱময় মুহূৰ্তত অসমৰ ৰাজপথত সকলো সময়তে সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ বাবে সকলোকে সজাগ কৰাৰ প্ৰচেষ্টাৰে এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা হৈছে। কিয়নো ৰাজপথত যানবাহন আইন অমান্য কৰিলেই বিপদ। নথি-পত্ৰ সঠিক হৈ নাথাকিলে বৈধ হৈ নাথাকে কোনো বাহন। সেইবাবে ৰাজ্যৰ ৰাজপথত নিজৰ ব্যৱহৃত বাহনখনৰ বৈধতা, বাহন চালনাৰ নীতিনিয়ম, নৈতিক দায়িত্ব সন্দৰ্ভত জনসেৱা মাহৰ কাৰ্যসূচীত বাহনৰ গৰাকী আৰু চালকক বিশেষভাবে সচেতন কৰা হ’ব। জনসেৱা মাহৰ সময়চোৱাত উল্লিখিত বিশেষ ব্যক্তিসকলৰ বাদেও অন্যান্য বাহনৰ মালিক, উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মানকাৰী সংস্থা আদিয়ে নিজৰ অসুবিধা সন্দৰ্ভত ফোনযোগে অৱগত কৰিলে পৰিবহণ বিভাগৰ সহায়কাৰী বিষয়াৰ দলে যানবাহনৰ নথিপত্ৰ বিষয়ক সকলো সমস্যাৰ ঠিতাতে সমাধানৰ ব্যৱস্থা কৰি দিব। একেদৰে জিলা পৰিবহণ বিষয়াৰ বেতকুচিস্থিত কাৰ্যালয়ত বিশেষভাৱে সাজু কৰা কৰ্মচাৰীৰ দলে বাহনৰ গৰাকীৰ বিভিন্ন ওজৰ-আপত্তি ততালিকে নিষ্পত্তি কৰিব। এই সুবিধা গ্ৰহণৰ বাবে ইচ্ছুক লোকক ৯৫৭৭৯৯২১৫৩, ৮০১১৩৩৩০১৩, ৮৮২২৭৫৫৭৩৮,৯১২৭২০৬৮০৩ নম্বৰত ৰাতিপুৱা ১১ বজাৰ পৰা আবেলি ৪ বজাৰ ভিতৰত যোগাযোগ কৰিবলৈ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ পৰা আহ্বান জনোৱা হৈছে ৷

Popular

More like this
Related

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...

ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ ভিতৰত স্থান দিয়া হৈছে USTMৰ অধ্যাপকক

আমেৰিকাৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ে ২০২৪ চনৰ বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ...

বন্ধন বেংকে ১ বছৰৰ ফিক্সড ডিপজিটত আগবঢ়াইছে সৰ্বাধিক ৮.৫৫% পৰ্যন্ত সুত

বন্ধন বেংকে ১ বছৰৰ ফিক্সড ডিপজিটত সৰ্বাধিক ৮.৫৫% পৰ্যন্ত...