আৰক্ষীৰ ভয় দেখুৱাই ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ হাছিনা

শ্বেখ হাছিনা নহয় হাছিনা বেগম। লখিমপুৰৰ নাওবৈচাৰ হাছিনা বেগম। মহিলাগৰাকীক মনত আছেনে আপোনালোকৰ? অসম আৰক্ষীৰ SI প্ৰয়াত জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ সময়ত নিজেই চৰ্চালৈ আহিছিল লখিমপুৰৰ নাওবৈচাৰ হাছিনা বেগম। তেতিয়া প্ৰয়াত SI জোনমণি ৰাভাৰ পক্ষত ঠিয় হৈ লখিমপুৰৰ নকল সোণ আৰু জাল নোটৰ বেহাৰ চক্ৰৰ সৈতে আৰক্ষীৰ গোপন মিতিৰালিৰ তথ্য উদঙাই দিছিল হাছিনা বেগমে। জাল নোট, নকল সোণৰ চক্ৰৰ বিৰুদ্ধে কাম কৰিছিল হেনো হাছিনাই। আৰক্ষীক দিছিল হেনো দুস্কৃতিকাৰীৰ খবৰ।

সেই হাছিনাই এতিয়া জালত পৰিছে আৰক্ষীৰ। বিগত কেইবাদিন ধৰি পলাতক অৱস্থাত থকা হাছিনাক গুৱাহাটীৰ গণেশগুৰিৰ এখন হোটেলত সহযোগীসহ আত্মগোপন কৰি থকা অৱস্থাত শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। সহযোগী ফকৰুদ্দিনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গুৱাহাটীত গ্ৰেপ্তাৰ কৰি হাছিনাক লখিমপুৰৰ বিহপুৰীয়ালৈ নিয়ে আৰক্ষীয়ে।

হাছিনা বেগমৰ বিৰুদ্ধে একাধিক বিস্ফোৰক অভিযোগ। আৰক্ষীক মেনেজ কৰাৰ নামত ধন সংগ্ৰহ কৰে হাছিনাই! জালনোট, নকল সোণৰ চক্ৰক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে! কথা নুশুনা আৰক্ষীক বদলিৰ ভাবুকি দিয়ে হাছিনাই!

বহু অভিযুক্তৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰি পলাই আছিল হাছিনা বেগম। বিহপুৰীয়াৰ এটা ঘটনাক লৈ ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত হাছিনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে আৰক্ষীয়ে। বিহপুৰীয়াৰ এটা পৰিয়ালক আৰক্ষীৰ ভয় দেখুৱাইছিল হাছিনাই। ব্লেকমেইল কৰি দুটা কিস্তিত লৈছিল ৮০ হাজাৰ টকা।

কথাই কথাই হাছিনা বেগমৰ মুখত DGP, IGP, DIGৰ নাম। শনিবাৰে বিহপুৰীয়াত উপস্থিত হৈয়ো হাছিনাৰ মুখত DGP, IGPৰ কথা।

কেৱল বিহপুৰীয়া নহয়, লখিমপুৰৰ কেইবাখনো থানাত হাছিনা বেগমৰ বিৰুদ্ধে ৰুজু হৈ আছে কেইবাটাও গোচৰ। গুৱাহাটীত গ্ৰেপ্তাৰ হোৱা গোচৰটোহে বিহপুৰীয়া থানাৰ। বিহপুৰীয়াৰ গোচৰৰ জেৰা সম্পন্ন হ’লেই আন থানাৰ গোচৰত গ্ৰেপ্তাৰ হ’ব হাছিনা বেগম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...

বিশ্বৰ ১৯০খন দেশৰ অৰ্থনীতিতকৈও ডাঙৰ এটা কোম্পানী

কোম্পানীটোৰ নাম Nvidia। এই আমেৰিকান কোম্পানীটো বিশ্বৰ ১৯০খন দেশৰ...