লাগিলে নোখোৱাকৈ থাকিম, কিন্তু ধাৰত থাকিব নিবিচাৰো…আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ দেৱাশিস ৰয়ৰ মৰ্মবেদনা শুনিব কোনে?

একালত তেওঁৰ খেল চাবলৈ খেলপথাৰত উবুৰি খাই পৰিছিল দৰ্শক। কলকাতাত ইষ্ট বেংগল, মোহন বাগানদলৰ সৈতে খেলাৰ আছে অভিজ্ঞতা।ভাৰতীয় ফুটবলৰ দলৰ সহ অধিনায়ক ৰূপেও খ্যাতি অৰ্জন কৰিছিল। নিজৰ নিৰলস প্ৰচেষ্টাৰে নিজৰ অঞ্চলৰ লগতে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম অৰ্জন কৰিছিল ফুটবলাৰ দেৱাশিস ৰয়ে। এইগৰাকী প্ৰাক্তন ফুটবলাৰৰ আৰ্থিক দুৰৱস্থাই জীৱনৰথ স্থবিৰ কৰি তুলিছে। একালৰ খ্যাতিমান ফুটবলাৰজনে কংক্ৰিটৰ মহানগৰীত নিৰলে বাস কৰিছে। যোৱা ৩ বছৰ ধৰি গুৱাহাটীৰ কলনী বজাৰস্থিত ছানৰাইজ এথলেটিকছ ক্লাবত অকলে বাস কৰি আহিছে তেওঁ। পুত্ৰৰ চিকিত্সাৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। নিজৰ সন্তানক অস্ত্রোপচাৰৰ বাবে প্ৰয়োজন হৈছে ধনৰ। অস্ত্রোপচাৰৰ বাবে প্ৰয়োজনীয় ফুটা কড়িও নাই ফুটবলাৰজনৰ হাতত। যিকোনো প্ৰকাৰে পুত্ৰক সুস্থ কৰি তুলিবলৈ আপ্ৰাণ চেষ্টা চলাইছে ফুটবলাৰজনে। পুত্রৰ চিকিৎসাৰ বাবে নিজৰ মৰমৰ ভাৰতীয় ফুটবল দলৰ ব্লেজাৰ নিলামত দিবলৈও প্ৰস্তুত দেৱাশিস ৰয়। আফগানিস্তান ট্যুৰলৈ যোৱাৰ সময়ত ব্যৱহাৰ কৰা জাতীয় দলৰ ব্লেজাৰটো নিলামৰ বাবে ইচ্ছা কৰিছে দেৱাশিস ৰয়ে। যিমান টকাৰ যোগ্য বুলি ভাবে ৰাইজে, সেয়া গ্ৰহণ কৰিবলৈ প্ৰস্তুত অসহায় হৈ পৰা ফুটবলাৰজন। পেঞ্চনৰ টকাও ৩-৪ মাহৰ মূৰতহে লাভ কৰি ফুটবলাৰজনে। যাৰ বাবে হোটেলত খাব লগা হয়, পইচাৰ অভাৱত হোটেলতো ধাৰ বাঢ়ি যায়। সময়ৰ লগে লগে প্ৰশিক্ষণৰ পৰাও এলাগী কৰিলে ক’চিং চেণ্টাৰসমূহে। ধন অহাৰ বাট ৰুদ্ধ হৈ পৰাৰ লগে লগে পুত্ৰৰ চিকিত্সাৰ বাবে দিকভ্ৰান্ত হৈ পৰিছে দেৱাশিস ৰয়। অসম চৰকাৰৰ ক্ৰীড়া মন্ত্রী বিমল বৰালৈ কাতৰ আহ্বান, পুত্ৰৰ চিকিত্সাৰ বাবে দায়িত্ব লওক, পাৰ্যমানে সুহৃদজনে সহায় কৰক খেলুৱৈজনক। এগৰাকী প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰৰ এই অসহায় জীৱনে বহু প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...