বেয়া দিন চলিছে ইমৰান খানৰ, ধৰ্মদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ হ’ব পাকিস্তানৰ প্ৰধানমন্ত্ৰী!

শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক। ধৰ্মদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ হ’ব ইমৰান খান। এইকথা প্ৰকাশ কৰিছে পাকিস্তানৰ গৃহমন্ত্ৰী ৰানা চানাউল্লাই। তেওঁ প্ৰকাশ মতে ইমৰান খানৰ নিৰ্দেশত তেওঁৰ একাংশ সমৰ্থকে মদিনাত ৰাজনৈতিক শ্ল’গান দিছিল। সেয়ে ইমৰানৰ বিৰুদ্ধে ধৰ্মদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে। এই গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হ’ব পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীজনক। যোৱা বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ছৌদি আৰবৰ মদিনা ভ্ৰমণলৈ গৈছিল। সেই সময়তে ইমৰানৰ নিৰ্দেশক্ৰমে তেওঁৰ পাকিস্তান তেহৰিক-ই–ইনছাফ দলৰ একাংশ সদস্যই প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কেতবোৰ অৱমাননা সূচক শ্লোগান দিয়া বুলি ৰানা ছানাউল্লাই অভিযোগ কৰে। ইমৰানৰ লগতে আন ১৫০জনৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...